হা লং বে’ত দুৰ্ঘটনাত পতিত পৰ্যটক কঢ়িয়াই নিয়া নাও

ভিয়েটনামত সংঘটিত হৈছে ভয়ংকৰ নাও দুৰ্ঘটনা। হা লং বে’ত পৰ্যটক কঢ়িয়াই নিয়া এখন নাও দুৰ্ঘটনাত পতিত হৈছে। এই দুৰ্ঘটনাত এই পৰ্যন্ত ৩৮ জন লোকৰ প্রাণহানি হৈছে

author-image
Asomiya Pratidin
New Update
new ap web 3

ডিজিটেল ডেস্কঃ ভিয়েটনামত সংঘটিত হৈছে ভয়ংকৰ নাও দুৰ্ঘটনা। হা লং বে’ত পৰ্যটক কঢ়িয়াই নিয়া এখন নাও দুৰ্ঘটনাত পতিত হৈছে। এই দুৰ্ঘটনাত এই পৰ্যন্ত ৩৮ জন লোকৰ প্রাণহানি হৈছে বুলি জানিব পৰা গৈছে। নিহত সকলৰ ভিতৰত আছে ২০টাকৈ শিশু। লগতে বৰ্তমানেও নিৰুদ্দেশ হৈ আছে বহুকেইজন লোক। 

শনিবাৰে ভিয়েটনামৰ হা লং বে’ত হঠাতে হোৱা ধুমুহাৰ ফলত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনাটো। প্ৰচণ্ড বতাহৰ বাবে ওলোটা হৈ পৰিছিল পৰ্যটক কঢ়িয়াই নিয়া নাওখন। নাওখনত আছিল  প্ৰায় ৫০ জনতকৈ অধিক পৰ্যটক। লগতে আছিল ৫ জন ক্ৰু মেম্বাৰ। এই পৰ্যন্ত ১২ জনকৈ লোকক জীৱন্তে উদ্ধাৰ কৰা হৈছে। উদ্ধাৰকাৰী দলে অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান। দুৰ্ঘটনাৰ পাছতে বহু যাত্ৰীক পানীয়ে উটুৱাই নিয়াৰো আশংকা কৰা হৈছে। 

নাও দুৰ্ঘটনা ভিয়েটনাম