/asomiyapratidin/media/media_files/2024/12/17/frh3qlat7SKiNbU9UstC.jpg)
ডিজিটেল সংবাদ,লামডিংঃ লামডিং জংচনত ৰে'ল আৰক্ষীৰ বৃহৎ সফলতা । লামডিং ৰে'লৱে জংচনত আৰপিএফৰ চি আই বি দল আৰু ৰে'ল আৰক্ষীৰ বৃহৎ দলে অভিযান চলাই বহু পৰিমাণৰ নিচাযুক্ত দ্ৰব্য জব্দ কৰিবলৈ সক্ষম হয় ।
উল্লেখযোগ্য যে, নিচাযুক্ত দ্ৰব্য জব্দ কৰাৰ লগতে ৪ গৰাকী সৰবৰাহকাৰীকো আটক কৰিবলৈ সক্ষম হয় অভিযানকাৰী দলে ।
১৩১৭৪ নামনিমুৱা আগৰতলা শিয়ালদাহ-কাঞ্চনজঙ্ঘা এস্কপ্ৰেছৰ পৰা আটক কৰা হয় আটাইকেইজনক ৷ ৰে'লখনৰে সৰবৰাহকাৰীয়ে আগৰতলাৰ পৰা বিহাৰলৈ নিচাজাতীয় সামগ্ৰী সৰবৰাহ কৰাৰ সময়তে লামডিঙত আটক হয় ৷
চাৰিওৰে পৰা পৃথকে পৃথকে প্ৰায় ৪১ কিঃগ্ৰাঃ নিষিদ্ধ সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষী ৷ আটকাধীন কেইগৰাকী বিহাৰৰ ক্ৰমে শুভংকৰ সিং,অৰবিন্দ যাদৱ,কৃষ্ণ কুমাৰ আৰু জুলি কুমাৰী বুলি জানিব পৰা গৈছে ।