ঢকুৱাখনা সদৰত সাংসদ প্ৰদান বৰুৱাৰ ট্ৰেফিক চিগনেল উদ্ধোধন

author-image
Asomiya Pratidin
New Update
ঢকুৱাখনা সদৰত সাংসদ প্ৰদান বৰুৱাৰ ট্ৰেফিক চিগনেল উদ্ধোধন

ডিজিটেল সংবাদ,ঢকুৱাখনা : ঢকুৱাখনা নগৰৰ তীব্ৰ যানজঁটৰ প্ৰতি লক্ষ্য ৰাখি ঢকুৱাখনা সদৰ চাৰিআলিত শনিবাৰে "ট্ৰেফিক চিগনেল লাইট"ৰ শুভ উন্মোচন কৰা হয় ।  ঢকুৱাখনা  পৌৰ সভাৰ  উদ্যোগত নগৰৰ মাজ মজিয়াত সংস্থাপন কৰা এই ট্ৰেফিক চিগনেল লাইট গৃহৰ ফিটা কাটি আৰু নিয়ন্ত্ৰণ গৃহত "চুইছ অন" কৰি শুভ উন্মোচন কৰে লখিমপুৰ লোক সভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাই ।

ঢকুৱাখনা মহকুমাৰ মহকুমাধিপতি অৰিন্দম বৰুৱা , ঢকুৱাখনা পৌৰ সভাৰ কাৰ্যবাহী বিষয়া অভিজাত বৰুৱা ,ঢকুৱাখনা সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নৱজ্যোতি ৰয় , পৌৰ সভাৰ পৌৰপতি ৰাজীৱ দাস , সকলো পৌৰ আয়ুক্ত আৰু পৌৰ সভাৰ সচেতন নাগৰিক সমাজ উপস্থিত থকা উদ্ধোধনী সভাত ঢকুৱাখনাৰ ইতিহাসত নব্য সংযোজন এই  ব্যৱস্থাৰ দ্বাৰা যান বাহনৰ সঠিক নিয়ন্ত্ৰণ সম্ভৱ হব বুলি  একেমুখে আশা প্ৰকাশ কৰে উদ্ধোধনী সভাত  ।

ইয়াৰ পূৰ্বে শনিবাৰে পুৱা পৌৰ সভাৰ উদ্যোগত ঢকুৱাখনা পৌৰ এলেকাৰ নগৰাঞ্চলত স্বচ্ছ ভাৰত অভিযান চলাই পৌৰ সভাৰ কাৰ্যবাহী বিষয়াৰ নেতৃত্বত সমূহ পৌৰ আয়ুক্ত তথা পৌৰ কৰ্মচাৰী সকলে ।

assam dhakuakhana