মৰিগাঁৱত যান- বাহন আৰক্ষী বিষয়াৰ কাণ্ড : ই- ৰিক্সা চালকক ৰাজহুৱা স্থানত কাণত ধৰাই কাঢ়ি নিলে চাবি...

মৰিগাঁৱত এগৰাকী যান- বাহন আৰক্ষী বিষয়াৰ কৰ্মকাণ্ডই অঞ্চলটোৰ সচেতন ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। কুশল বৰা নামৰ আৰক্ষী বিষয়াগৰাকীয়ে এজন ই- ৰিক্সা চালকক ৰাজহুৱা স্থানত কাণত ধৰাই চাবি কাঢ়ি নিয়া কাণ্ডই সৃষ্টি কৰিছে প্ৰতিক্ৰিয়াৰ। 

author-image
Asomiya Pratidin
New Update
মৰিগাঁৱত যান- বাহন আৰক্ষী বিষয়াৰ কাণ্ড ...

মৰিগাঁৱত যান- বাহন আৰক্ষী বিষয়াৰ কাণ্ড ...

ডিজিটেল সংবাদ, মৰিগাঁও : মৰিগাঁৱত এগৰাকী যান- বাহন আৰক্ষী বিষয়াৰ কৰ্মকাণ্ডই অঞ্চলটোৰ সচেতন ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। কুশল বৰা নামৰ আৰক্ষী বিষয়াগৰাকীয়ে এজন ই- ৰিক্সা চালকক ৰাজহুৱা স্থানত কাণত ধৰাই চাবি কাঢ়ি নিয়া কাণ্ডই সৃষ্টি কৰিছে প্ৰতিক্ৰিয়াৰ। 

Advertisment
আৰক্ষী বিষয়া
আৰক্ষী বিষয়া

 

উল্লেখযোগ্য যে এই ঘটনা সংঘটিত হৈছে জিলা সদৰ থানাৰ সমীপৰ বিহুতলিত। জানিব পৰা মতে যাত্ৰী নমাবলৈ অহা এখন ই ৰিক্সাক ৰখাই প্ৰথমে চাবি কাঢ়ি লয় কুশল বৰাই। 

ইয়াৰ পিছতেই চালকজনক থানালৈ নি ৭ হাজাৰ টকা জৰিমনা বিহাৰ ভাবুকি দিয়ে বিষয়াগৰাকীয়ে। তাৰোপৰি ই ৰিক্সা চালকজনক কাণত ধৰিবলৈ দিয়ে আৰক্ষী বিষয়া কুশল বৰাই।

উল্লেখযোগ্য যে মুখ্যমন্ত্ৰীয়ে সাধাৰণ ৰাইজৰ লগত আৰক্ষীক ভাল ব্যৱহাৰ কৰিবলৈ নিৰ্দেশ দিয়াৰ পাছতো আৰক্ষীৰ এনে ব্যৱহাৰে সকলোকে আচৰিত কৰি তুলিছে।

Assam police