কাইলৈ গুৱাহাটীত মন গ'লেই যাব নোৱাৰিব আপোনাৰ চিনাকী পথেৰেঃ বিপদত পৰাৰ পূৰ্বে চাইলওক এই খবৰ....

দেৱী বিসৰ্জনৰ পূৰ্বে মহানগৰ প্ৰশাসনৰ পথ নিৰ্দেশনা জাৰি...

author-image
Asomiya Pratidin
New Update
শনিবাৰৰ পৰা গুৱাহাটীত ইচ্ছা অনুসৰি চলাব নোৱাৰিব বাহনঃ চাই লওক এই খবৰ...

traffic instruction

ডিজিটেল ডেস্কঃ অৱশেষত দেৱী বিসৰ্জনৰ সময় কাষ চাপিল। মঙ্গলবাৰে মহা নৱমীৰ অন্ত পৰাৰ পিছতে বুধবাৰে দশমী। ইতিমধ্যে দশমীৰ দেৱী বিসৰ্জনৰ বাবে সাজু হৈছে মহানগৰ প্ৰশাসনৰ।

Advertisment

মহানগৰ প্ৰশাসনে প্ৰতিখন পূজা কমিটীৰ বাবে দেৱী বিসৰ্জনৰ বাবে কিছু নীতি-নিৰ্দেশনা জাৰি কৰিছে। প্ৰশাসনে নিৰ্ধাৰণ কৰি দিয়া নীতি-নিৰ্দেশনা অনুসৰি প্ৰতিখন পূজা কমিটীয়ে দেৱী বিসৰ্জন কৰিব পাৰিব।

প্ৰশাসনে জাৰি কৰা নিৰ্দেশনা অনুসৰি মহানগৰৰ মুঠ ৬ টাকৈ ঘাটত পূজা কমিটীসমূহে বিসৰ্জন কৰিব পাৰিব দেৱী। আনহাতে দেৱী বিসৰ্জনৰ বাবে যোৱাৰ সময়তো কোনো পূজা কমিটীয়েই ব্যৱহাৰ কৰিব নোৱাৰিব উচ্চস্তৰৰ সংগীত।

আনহাতে প্ৰশাসনে পূজা কমিটীসমূহক দেৱী বিসৰ্জনৰ বাবে যোৱাৰ বাবে পথ নিৰ্দেশনাও প্ৰদান কৰিছে। সেই অনুসৰি চানমাৰি দিশৰ পৰা অহা বাহনসমূহ টি চি পইণ্টৰ পৰা এম চি ৰোড হৈ যাব লাগিব।

টকৌবাৰী-পল্টনবজাৰ-ৰিহাবাৰী-লালগণেশ দিশৰ পৰা অহা বাহনসমূহ বি কে কাকতি ৰোড পানবজাৰ অভাৰব্ৰীজ হৈ আহিব পাৰিব। ইয়াৰ উপৰিও এই পথৰ বাহনসমূহে এ কে আজাদ ৰোড নেপালী মন্দিৰ হৈও যাব পাৰিব।

কুমাৰপাৰা-আঠগাঁও দিশৰ পৰা অহা বাহনসমূহ এ টি ৰোড হৈ আহিব লাগিব। ৰাজগড়-ভঙাগড় দিশৰ পৰা আহিবলগীয়া বাহনসমূহ টি চি পইণ্ট-এম জি ৰোড হৈ আহিব লাগিব।

গণেশগুৰি-দিছপুৰ-কাহিলীপাৰাৰ দিশৰ বাহনসমূহ আৰ জি বৰুৱা ৰোড-গুৱাহাটী ক্লাৱ হৈ আহিব লাগিব। বি বৰুৱা পথেৰে কোনো প্ৰতিমা কঢ়িওৱা বাহন আহিব নোৱাৰিব। ভৰলুমুখ-ফটাশিলৰ দিশৰ পৰা অহা বাহনসমূহ এ টি ৰোড হৈ পাণ্ডু লৈ যাব পৰিব।

আনহাতে পাণ্ডু ঘাটত যিসমূহ পূজা কমিটীয়ে প্ৰতিমা বিসৰ্জন দিব তেওঁলোকৰ বাবে জাৰি কৰা হৈছে পৃথক পথ নিৰ্দেশনা। সেই অনুসৰি মালিগাঁও চাৰিআলিৰ পৰা পাণ্ডু দিশলৈ যাব নোৱাৰিব কোনোধৰণৰ প্ৰতিমা কঢ়িওৱা বাহন।

প্ৰতিমা কঢ়িওৱা বাহনসমূহ আদাবাৰী তিনিআলিৰ পৰা পাণ্ডু প’ৰ্ট হৈ সোমাব লাগিব। প্ৰতিমা বিসৰ্জনৰ পিছত শদিলাপুৰ ৬ নং কলনী হৈ জালুকবাৰী দিশলৈ যাব লাগিব বাহনসমূহ।

চানমাৰি দিশৰ পৰা জালুকবাৰী দিশলৈ যোৱা বাহন পানবজাৰ অভাৰব্ৰীজ হৈ যাব লাগিব। জালুকবাৰী-ভৰলুমুখৰ পৰা চানমাৰিলৈ অহা বাহন এ টি ৰোড হৈ আহিব লাগিব। উজানবজাৰ-খাৰঘুলি-নুনমাটি দিশৰ বাহনসমূহ তৈবুল্লা ৰোড হৈ যাব লাগিব। আৰু এপ’ল’ পইণ্টৰ পৰা টি আৰ পি ৰোড আৰু এইছ বি. ৰোড ৱানৱে' হ’ব।

guwahati