অম্বুবাচী মহাযোগ-২০২৫ উপলক্ষে যান-বাহন সম্পৰ্কীয় নিৰ্দেশনা

অম্বুবাচী মহাযোগ-২০২৫ উপলক্ষে যান-বাহন সম্পৰ্কীয় নিৰ্দেশনা৷ ভক্তসকলক কঢ়িওৱা বাহনসমূহে যাত্রীসকলক নমাব লাগিব উৰণ সেতুৰ তলত৷ যাত্রীসকলক নমাই বাহনসমূহ আদবাৰী বাছ আস্থান, বৰিপাৰা খেলপথাৰত ৰাখিব

author-image
Asomiya Pratidin
New Update
ambubachi
  • অম্বুবাচী মহাযোগ-২০২৫ উপলক্ষে যান-বাহন সম্পৰ্কীয় নিৰ্দেশনা
  • ভক্তসকলক কঢ়িওৱা বাহনসমূহে যাত্রীসকলক নমাব লাগিব উৰণ সেতুৰ তলত
  • যাত্রীসকলক নমাই বাহনসমূহ আদবাৰী বাছ আস্থান, বৰিপাৰা খেলপথাৰত ৰাখিব
  • নীলাচল উৰণ সেতুৰ তলৰ ছাৰ্ভিচ পথেৰে জনতাৰ চলাচল সীমিত কৰা হ’ব
  • ব্যক্তিগত যান-বাহন লৈ অহা ভক্তসকলে বাহনসমূহ পাৰ্কিঙক লৈও নিৰ্দেশনা
  • বাহনসমূহ ৰাখিব পাৰিব আদাবাৰী বাছ আস্থান, বৰিপাৰা খেলপথাৰ, মাছখোৱা ASTCত
  • পথৰ দাঁতিত যান-বাহনৰ পাৰ্কিং নিষিদ্ধ থকা ঠাইসমূহ-
  • আদাবাৰী তিনিআলিৰ পৰা পাণ্ডু পোৰ্ট পৰ্যন্ত পথৰ দুয়ো কাষ
  • বৰবজাৰ ৰোডত পথৰ দুয়োকাষে পাৰ্কিং নিষিদ্ধ
  • মালিগাঁও চাৰিআলিৰ পৰা পাণ্ডু পোৰ্ট পৰ্যন্ত পথৰ দুয়োটা কাষত
  • এলিভেটেড কৰিডৰত পাৰ্কিং নিষিদ্ধ
  • শান্তিপুৰ বাছ আস্থানৰ পৰা এলিভেটেড কৰিডৰৰ আৰম্ভণিলৈ
  • ডি জি ৰোডৰ দুয়োটা কাষত পাৰ্কিং নিষিদ্ধ
  • এলিভেটেড কৰিডৰৰ আৰম্ভণিৰ পৰা নীলাচল উৰণ সেতুৰ আৰম্ভণিলৈ
  • নীলাচল উৰণ সেতুৰ দুয়োটা কাষত পাৰ্কিং নিষিদ্ধ
  • নীলাচল উৰণ সেতুৰ পৰা আদাবাৰী তিনিআলিলৈ পথৰ দুয়োটা কাষত
  • অম্বুবাচী মহাযোগৰ দিনকেইটাত বাণিজ্যিক বাহন চলাচলত নিষেধাজ্ঞা
  • পুৱা ৫ বজাৰ পৰা নিশা ১১ বজালৈ বাহনসমূহৰ চলাচল বন্ধ থাকিব
  • জালুকবাৰী ৰ’টাৰীৰ পৰা মাছখোৱালৈ ডি জি ৰোড, এম জি ৰোডত, এ টি ৰোডত বন্ধ
  • পাণ্ডু পোৰ্ট ৰোডত আদাবাৰী তিনিআলিৰ পৰা পাণ্ডু পো’টলৈ বন্ধ থাকিব
  • বৰবজাৰ ৰোডত মালিগাঁও তিনিআলিৰ পৰা পাণ্ডু পোৰ্টলৈ বন্ধ থাকিব
  • তিনিচকীয়া বাহন, কম গতিসম্পন্ন বাহন, ঠেলাগাড়ীতো নিষেধাজ্ঞা
  • আন্তঃজিলা পৰিবহণ বাছ, দীৰ্ঘ দূৰত্বৰ বাছৰ চলাচলতো নিষেধাজ্ঞা
  • ডি জি ৰোড, এম জি ৰোড, এ টি ৰোডত এই নিষেধাজ্ঞা (ASTCৰ অধীনস্থ বাছকে ধৰি)
  • নামনি অসমৰ পৰা অহা সকলো দীৰ্ঘ দূৰত্বৰ বাছ মাছখোৱা অভিমুখে যাব নোৱাৰিব
  • বাছবোৰা আদাবাৰী বাছ আস্থানতে ৰখাব লাগিব
  • কামাখ্যা ৰে’লৱে ষ্টেচনৰ পৰা ভক্তসকলক কঢ়িওৱা বাছবোৰৰ ক্ষেত্রত নিৰ্দেশনা
  • বাছসমূহ পি এন জি বি ৰোড-ডি জি ৰোড-আদাবাৰী তিনিআলি হৈ আহিব
  • পাণ্ডু পোৰ্ট ৰোড হৈ ভক্তসকলক পাণ্ডু পোৰ্টৰ অস্থায়ী শিবিৰত নমাব
  • NH-২৭ৰ পৰা তেতেলীয়া হৈ গোশালা অভিমুখে গধুৰ বাহন যাবলৈ দিয়া নহ’ব
  • বৰঝাৰ বিমান বন্দৰলৈ যোৱা যাত্রীসকলক NH-27 ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ
অম্বুবাচী