/asomiyapratidin/media/media_files/2025/04/05/Pcy30YVgl63lqqE4SY43.jpg)
ডিজিটেল সংবাদ, বেবেজীয়া : নগাঁও জিলাৰ মধ্য শিমলুগুৰিত ঈদ উল ফিতৰ উপলক্ষে পৰাম্পৰাগত খেল- ধেমালি প্ৰতিযোগিতা আৰু জ্যেষ্ঠ নাগৰিকক সম্বৰ্ধনাৰ লগতে বঁটা প্ৰদান অনুষ্ঠানৰে শনিবাৰে সামৰণি পৰিল ঈদৰ অনুষ্ঠান। মধ্য শিমলুগুৰি যুৱ সংঘৰ উদ্যোগত যোৱা ২ এপ্ৰিলৰ অনুষ্ঠিত হোৱা জনপ্ৰিয় খেল সমূহ আছিল দৌৰ, পুখুৰী পাৰ, উঠা বহা, কুকুৰা যুঁজ, ৰুমাল চুৰ, স্পিৰিং জাম্প, তিনি ঠেঙিয়া দৌৰ, ভেকুলী জাম্প, ৰিয়েল ষ্টিক, লং জাম্প, হাই জাম্প, মিউজিকেল চিয়াৰ, চকলেট চুৰ, বিস্কুট চুৰ, শিয়াল পণ্ডিত, ৰচি টনা, কাবাডি, বেজিত সূতা লগোৱা, চৰাইৰ বাহ, গজল প্ৰতিযোগিতা, কেৰত প্ৰতিযোগিতা আৰু ভেকচন প্ৰতিযোগিতা অনুষ্ঠিত হয়।
উক্ত ভেকচন প্ৰতিযোগিতাত জাতিৰ মহাত্মা গান্ধী, আদিবাসী লোক আৰু দৰা-কন্যাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰে। বিয়লি ৫ বজাত স্থানীয় অৱসৰ প্ৰাপ্ত চৰকাৰী কৰ্মচাৰী আক্কাছ আলীৰ সভাপতিত্বত বঁটা বিতৰণী অনুষ্ঠান অনুষ্ঠিত হয়।
উক্ত অনুষ্ঠানত বৰভেটি গাঁও পঞ্চায়তৰ ৪ নং ৱাৰ্ডৰ সদস্য (প্ৰাৰ্থীত্ব) প্ৰত্যাসী ৰহিমা খাতুন আৰু স্থানীয় আব্দুল ছালাম, আমিৰ হুছেইন, ৰমজান আলী, বাহাৰুল ইছলাম, ৰেকিব উদ্দিন, সাংবাদিক দেৱজিৎ হাজৰিকা আহমেদ, ৰুফুল আহমেদ, আৰিফুল ইছলামক একোখনকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনাই খেল পৰিচালনা সমিতিৰ সভাপতি আয়াতুল ইছলাম, উপ সভাপতি মুক্তাৰ হুছেইন , সম্পাদক ছদিকুৰ ৰহমানৰ লগতে সদস্য সকলে।
জেহিৰুল ইছলামে আঁত ধৰা অনুষ্ঠানত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো শ্ৰেণীৰ লোকে উক্ত খেল ধেমালি প্ৰতিয়োগিতাসমূহত অংশগ্ৰহণ কৰে।