Advertisment

জ্যোতিসন্ধানৰ উদোগত পৰম্পৰাগত প্ৰতিযোগিতাৰ আয়োজন

মাঘ বিহু উপলক্ষে মহানগৰৰ স্বেচ্ছাসেৱী সংগঠন জ্যোতিসন্ধানৰ উদ্যোগত শিলপুখুৰীত বুধবাৰে পৰম্পৰাগত তথা থলুৱা খেলৰ প্ৰতিযোগিতা আয়োজন কৰা হয়। এই অনুষ্ঠানত চামুচত মাৰ্বল লোৱা, সংগীত চকী আৰু টেকেলি ভঙা আদি প্ৰতিযোগিতা অনুষ্ঠিত হয়।

author-image
Asomiya Pratidin
New Update
জ্যোতিসন্ধানৰ উদোগত পৰম্পৰাগত প্ৰতিযোগিতাৰ আয়োজন

জ্যোতিসন্ধানৰ উদোগত পৰম্পৰাগত প্ৰতিযোগিতাৰ আয়োজন

ডিজিটেল সংবাদ, গুৱাহাটী : মাঘ বিহু উপলক্ষে মহানগৰৰ স্বেচ্ছাসেৱী সংগঠন জ্যোতিসন্ধানৰ উদ্যোগত শিলপুখুৰীত বুধবাৰে পৰম্পৰাগত তথা থলুৱা খেলৰ প্ৰতিযোগিতা আয়োজন কৰা হয়। এই অনুষ্ঠানত চামুচত মাৰ্বল লোৱা, সংগীত চকী আৰু টেকেলি ভঙা আদি প্ৰতিযোগিতা অনুষ্ঠিত হয়।

Advertisment
জ্যোতিসন্ধানৰ উদোগত পৰম্পৰাগত প্ৰতিযোগিতাৰ আয়োজন
জ্যোতিসন্ধানৰ উদোগত পৰম্পৰাগত প্ৰতিযোগিতাৰ আয়োজন

 

উক্ত প্ৰতিযোগিতাবোৰ দুটা ভাগত বিভক্ত কৰি শিশু আৰু মহিলাসকলৰ মাজত আয়োজন কৰা হয়। শিশুসকলৰ অংশগ্ৰহণ আৰু মহিলাসকলৰ উৎসাহজনক ভূমিকা এই অনুষ্ঠানৰ মুখ্য আকৰ্ষণ আছিল। আজি অনুষ্ঠিত এই পৰম্পৰাগত প্ৰতিযোগিতাত স্থানীয় ৰাইজৰ লগতে বিভিন্ন প্ৰান্তৰ অংশগ্ৰহণকাৰীয়ে অংশগ্ৰহণ কৰে। 

জ্যোতিসন্ধানৰ উদোগত পৰম্পৰাগত প্ৰতিযোগিতাৰ আয়োজন
জ্যোতিসন্ধানৰ উদোগত পৰম্পৰাগত প্ৰতিযোগিতাৰ আয়োজন

 

প্ৰতিযোগিতাৰ অন্তত প্ৰথম, দ্বিতীয় আৰু তৃতীয়ৰ লগতে বিশেষ স্থান লাভ কৰা বিজয়ীসকলক বঁটা প্ৰদান কৰা হয়। প্ৰতিযোগিতা সফলভাৱে সমাপ্ত হোৱাৰ পাছত, সংস্থাৰ সদস্যসকলেও সকলো অংশগ্ৰহণকাৰীক ধন্যবাদ জ্ঞাপন কৰে।

মাঘ বিহু পহিলা মাঘ