Traditional Assamese Attire: সাজ-পাৰে যিদৰে এজন ব্যক্তিৰ তেওঁৰ ব্যক্তিত্বৰ পৰিচয় দিয়ে, ঠিক একেদৰে পৰম্পৰাগত সাজপাৰযোৰে জাতিটোৰ পৰিচয় বহন কৰে।অতিজৰে পৰা অসমীয়া মানুহে নিজৰ প্ৰয়োজনীয় কাপোৰ নিজেই তৈয়াৰ কৰি আহিছে।ইতিহাসে ইয়াৰ সাক্ষ্য বহন কৰে।ঘৰতে এৰি-পলূ পুহি তাৰ পৰা সূতা উলিয়াই নিজেই তাঁতৰ পাতত বহি পৰিয়ালৰ সকলোলৈকে প্ৰয়োজনীয় সাজযোৰ তৈয়াৰ কৰে ঘৰৰ শিপিনীগৰাকীয়ে। মহিলাৰ চাদৰ-মেখেলা আৰু পুৰুষৰ ধূতি,গামোচাখন অসমীয়াৰ পৰম্পৰাগত সাজ।
চাদৰ মেখেলাযোৰ শিশুৰ বাহিৰে বাকী সকলো বয়সৰ লোকে পৰিধান কৰে।শৰীৰৰ ওপৰৰ অংশত চাদৰ আৰু তলত অংশত মেখেলা পৰিধান কৰা হয়।অসমৰ থলুৱা লোকসকলে চাদৰক বিভিন্ন প্ৰকাৰৰে নামকৰণ কৰে।যেনে-উকা ৰিহা,দহিঅলীয়া ৰিহা,গাৰিয়লী ৰিহা, গুণাকটা ৰিহা,কেছবছা ৰিহা,আচুঅলীয়া ৰিহা, বৰৈলগা ৰিহা, সূতা-পাট বা মূগাৰ উকা চাদৰ, কপাহী চাদৰ,বিভিন্ন প্ৰকাৰৰ ৰেচমী চাদৰ, মৰুৱা চাদৰ ইত্যাদি। মেখেলাও ভিন্ন প্ৰকাৰৰ আছে। ইয়াৰে কপাহী মেখেলা, বুটাবছা মেখেলা, উকা, সূতা বা গুণাৰ পাটৰ মেখেলা, মেজাংকৰী পাট মেখেলা, গোমচেং পাট মেখেলা,মুগাৰ মেখেলা, নৰা মেখেলা বিশেষভাৱে উল্লেখনীয়।
অসমীয়াৰ স্বাভিমান গামোচাখনো শিপিনীয়ে বৈ উলিয়ায়।কপাহী সূতাৰ লগতে পাট আৰু মূগাৰ গামোচাখনে জাতিটোৰ পৰিচয় বহন কৰে।পৰম্পৰাগত কাজ-কৰ্মত পুৰুষসকলে মূলতে ধুতি-কামিজ পৰিধান কৰি ডিঙিত গামোচাখন লয়।ইফালে, অসমত বাস কৰা বিভিন্ন জনজাতিৰ লোকসকলেও তেওঁলোকৰ নিজা নিজা সাজ-পাৰ পৰিধান কৰি জাতিটোক স্বক্ৰীয়তা প্ৰদান কৰি আহিছে।
ডিমাছা জনজাতিৰ পুৰুষসকলে স্গাওফা বা ফাগৰী (পাগুৰি) পিন্ধে।স্গাওফা হালধীয়া বা সেউজীয়া ৰঙৰ হয়। কিন্তু বিবাহৰ দৰে বিশেষ অনুষ্ঠানত, দৰাজনে থুঁতৰিৰ তলত ৰঙা সূতা বান্ধি বগা পাগুৰি পিন্ধে। তেওঁলোকে পিন্ধা ৰিছা আৰু গেইনথাও নামৰ ধূতি দুখনৰ দৈৰ্ঘ্য পৃথক পৃথক। ৰিছা এজনৰ আঁঠুৰ ওচৰলৈ আৰু গেইনথাও গোৰোহালৈকে পিন্ধা হয়।
এই জনজাতিৰ মহিলাসকলে পৰিধান কৰা পোছাকে তেওঁলোকৰ ভিতৰত লুকাই থকা সৌন্দৰ্য পোহৰলৈ আনে। এই মহিলাসকলে পিন্ধা পোছাকবোৰ মেখেলা চাদৰৰ সৈতে যথেষ্ট মিল আছে। ইয়াক ৰিগু বোলা হয়। ৰিগু হৈছে কঁকালৰ পৰা তললৈ পিন্ধা এক দীঘল কাপোৰ।আনহাতে, বাথৰমাই হৈছে এক প্ৰকাৰৰ ৰিগু যাৰ গোটেই কাপোৰৰ টুকুৰাটোত কেৱল এটা ডিজাইন থাকে। এই জনজাতিৰ যুৱতীসকলে বুকুৰ পৰা আঁঠুলৈকে পৰা বগা ৰঙৰ এক বিশেষ সাজ পিন্ধে, ইয়াক ৰিজাম্ফেইন বোলা হয়।
বড়ো জনজাতিৰ পুৰুষসকলে বিশেষকৈ কঁকালৰ পৰা আঁঠুলৈ গামোচা পৰিধান কৰে।এই জনজাতিৰ পুৰুষসকলে পূৰ্বতে ওপৰৰ অংশত বস্ত্ৰ পৰিধান কৰা নাছিল যদিও সময়ৰ পৰিৱৰ্তনৰ লগে লগে এতিয়া পিন্ধিবলৈ ল’লে। জোতা পিন্ধাটো বড়ো জনজাতিৰ পুৰুষসকলৰ এক বিশেষ বৈশিষ্ট্য। অধিকাংশই কাঠেৰে নিৰ্মিত জোতা অৰ্থা,, খৰম ব্যৱহাৰ কৰে।
এই জনজাতিৰ মহিলাসকলৰ এক বিশেষ ‘ড্ৰেছিং ফৰ্মেট’ আছে। এই জনজাতিৰ মহিলাসকলে এখন কাপোৰৰ দৰে পোছাক বুকুৰ পৰা আৰম্ভ কৰি গোৰোহালৈ শৰীৰৰ চাৰিওফালে মেৰিয়াই ৰাখে।এই সাজক দখনা বোলা হয়। এই দখনা বিভিন্ন উজ্জ্বল ৰং আৰু আৰ্হিত উপলব্ধ হয়।
মিচিং জনজাতিৰ পুৰুষসকলে পিন্ধা পোছাকক গনৰু উগন বুলি কোৱা হয়। যি হৈছে এক প্ৰকাৰৰ ধুতি। মিবু গালুক হৈছে চাৰ্ট যাক পুৰুষসকলে তেওঁলোকৰ শৰীৰৰ ওপৰভাগ ঢাকিবলৈ ব্যৱহাৰ কৰে। এই জনজাতিৰ মহিলাসকলৰ পিন্ধন-উৰণ একেবাৰে সৰল। তেওঁলোকে পিন্ধা চাদৰ মেখেলাক য়াকান এজ-গাছাৰ বুলি জনা যায়। ই বিশেষকৈ ক'লা ৰঙৰ হয়।
ৰাভা জনজাতিৰ পুৰুষসকলে ধুতি আৰু গামোচাৰ সাধাৰণ ‘ড্ৰেছিং ক’ড’ অনুসৰণ কৰে। তেওঁলোকে বগাৰ লগতে ৰঙীন ধূতি পিন্ধাৰ লগতে জনজাতীয় দীঘল গামোচা ব্যৱহাৰ কৰে।
এই জনজাতিৰ মহিলাসকলে পিন্ধা স্কাৰ্টৰ দৰে পোছাকক কৌম কণ্টং বুলি জনা।কামবাং হৈছে আন এবিধ বস্ত্ৰ যাক মহিলাসকলে তেওঁলোকৰ শৰীৰৰ ওপৰভাগ ঢাকিবলৈ ব্যৱহাৰ কৰে। আনহাতে, বিশেষভাৱে তৈয়াৰ কৰা বেল্ট এই মহিলাসকলে আনুষঙ্গিক হিচাপে পিন্ধে।লাবোক নামেৰে জনাজাত এই বেল্টডাল পেটৰ চাৰিওফালে বান্ধি ৰখা হয়।
ৰিকং ( লেংটি ), ছাতৰ ( চুৰিয়া ), পহ ' ( পাগুৰি ), চই ( চুটি হাতৰ চোলা ), জি ( চাদৰ ), পীবা ( কেঁচুৱা লোৱা কাপোৰ ), পীবান ( মেঠনি ), ৱানক ( পেটি ), পিনি কামফ্লাক ( ক’লা মেখেলা ), পেক ( চাদৰৰ দৰে )।
ছিন্, চুৎ, ফা - মাই, ছাইকাল, লংবা, ফালৰ।
ৰাঙা পাটিন ( তিৰোতাৰ ), ভেঝা নেংটি ( পুৰুষৰ ), আগৰুণ ( ফুলাম চাদৰ ), কানপেছ।
পাটছো ।