বটদ্ৰৱাৰ ৰাইডঙীয়াত একত্ৰিত হৈ যুৱতীসকলে লগালে জেতুকাৰ বোল...

জেতুকা ৰং কৰা প্ৰসাধন সামগ্ৰী আৰু ঔষধ হিচাপে হিচাপে আজিৰ পৰা হাজাৰ বছৰৰ আগৰে পৰা ব্যৱহাৰ কৰি অহা হৈছে। জেতুকা অসমীয়া লোক-সংস্কৃতি আৰু পৰম্পৰাৰ এটা উল্লেখযোগ্য অংগ।

author-image
Asomiya Pratidin
New Update
Tradition of Bahag Bihu

ডিজিটেল সংবাদ, বটদ্ৰৱা : জেতুকা ৰং কৰা প্ৰসাধন সামগ্ৰী আৰু ঔষধ হিচাপে হিচাপে আজিৰ পৰা হাজাৰ বছৰৰ আগৰে পৰা ব্যৱহাৰ কৰি অহা হৈছে। জেতুকা অসমীয়া লোক-সংস্কৃতি আৰু পৰম্পৰাৰ এটা উল্লেখযোগ্য অংগ।

Advertisment

অসমীয়া জীয়ৰী-বোৱাৰীসকলে বিহুৰ পূৰ্বে হাতত জেতুকা লয়। ব'হাগ বিহুত জেতুকাৰ ৰঙেৰে গাভৰুসকলে ৰং সানে। বিহু নাচনীয়েও হাতত জেতুকাৰ ৰং সানে।

অসমৰ লোক-সংস্কৃতিৰ প্রতীক, ৰঙালী বিহুত অতীজৰে পৰা জেতুকা ব্যৱহাৰ কৰি অহা পৰম্পৰা ৰক্ষা কৰি বটদ্ৰৱাৰ ৰাইদঙীয়া গাঁৱৰ যুৱতীসকল বৃহস্পতিবাৰে একত্ৰিত হৈ হাতত জেতুকাৰ বোল সানে। পুৱা ৰাইডঙীয়া গাঁৱৰ গাভৰুসকল সমবেত হৈ  গৃহস্থৰ বাৰীৰ পৰা জেতুকা পাত সংগ্ৰহ কৰি, শিলৰ পটাত পিহি বিহুনাম গাই গাই হাতত জেতুকাৰ বোল লগায়।

বান্ধৱীৰ সৈতে মিলি কোনোবাই জেতুকা চিঙিছে, কোনোবাই জেতুকা পিচিছে আৰু চোতালত বহি আনন্দতে সকলোৱে বিহুনাম জুৰিছে ৷ কেৱল সৌন্দৰ্যই নহয়, জেতুকাৰ আছে বহু ঔষধি গুণ। উল্লেখ্য যে, ৰাইডঙীয়া গাঁৱৰ গাভৰুসকল একত্ৰিত হৈ বিহুৰ পূৰ্বে হাতত জেতুকা লোৱা পৰম্পৰা বহু বছৰ পুৰণি।

batadraba