/asomiyapratidin/media/media_files/2025/03/13/I6eICi5Peeb3OMXsBvdV.jpg)
ধুবুৰী পৌৰসভাৰ পদপথ খালী কৰাক লৈ ব্যৱসায়ী মহলৰ ক্ষোভ
ডিজিটেল সংবাদ, ধুবুৰী : ধুবুৰীত বৃহস্পতিবাৰে পৌৰসভাৰ বিৰুদ্ধে গৰজি উঠিল ধুবুৰী চ'ক বজাৰৰ ব্যৱসায়ীসকল। ৰাস্তাৰ পদপথ খালী কৰাৰ বাবে ধুবুৰী পৌৰসভাই চহৰখনত কেইবাদিন ধৰি অভিযান চলাই আছিল। আজি দিনৰ ভাগত চহৰখনৰ অতি ব্যস্ত এলেকা চ'ক বজাৰত পৌৰসভাৰ বিষয়া আৰু কৰ্মচাৰীৰ এটি দলে পদপথ খালী কৰিবলৈ আহি ব্যৱসায়ীসকলৰ ৰোষত পৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।
উল্লেখযোগ্য যে পবিত্ৰ ৰমজান মাহ আৰু হোলীৰ এই সময়ত ব্যৱসায়ত লোকচান কৰাই ব্যৱসায়ীসকলৰ বিৰুদ্ধে এয়া এক প্ৰকাৰ অত্যাচাৰ চলোৱা বুলি অভিযোগ তোলে ব্যৱসায়ীসকলে। ব্যৱসায়ীসকলৰ মতে, তেওঁলোকে নিজ নিজ দোকানৰ সন্মুখত থকা পদপথৰ অংশ দখল কৰিছে নে নাই তাৰ বাবে পৌৰসভাই আহি ভালদৰে চাই লওক। তাকে নকৰি জধে-মধে পদপথত বস্তু ৰাখিলে পৌৰসভাই উঠাই দিয়া কাৰ্যৰ তীব্ৰ অসন্তুষ্টি ব্যক্ত কৰিছে ব্যৱসায়ীসকলে।
আজি ধুবুৰী পৌৰসভাৰ এই কাৰ্যৰ বিৰুদ্ধে চ'ক বজাৰৰ ব্যৱসায়ীসকলে দিনৰ ১২ বজাৰ পৰা তেওঁলোকৰ দোকান-পোহাৰসমূহ বন্ধ ৰাখি প্ৰতিবাদ সাব্যস্ত কৰে।