বঙাইগাঁও শোধনাগাৰৰ মুখ্য প্ৰৱেশদ্বাৰৰ সন্মুখত শ্ৰমিক সংগঠনৰ অৱস্থান ধৰ্মঘট

থলুৱা শ্ৰমিক বিৰোধী নীতিৰ বিৰুদ্ধে শোধনাগাৰৰ মুখ্য প্ৰৱেশদ্বাৰৰ সন্মুখত বি জি আৰ সংযুক্ত শ্ৰমিক সমন্বয়ৰক্ষী সমিতিৰ উদ্যোগত কেইবা শতাধিক শ্ৰমিকে পুৱা ১০-০০বজাৰ পৰা দুপৰীয়া ১২-০০ বজালৈকে দুঘণ্টীয়া অৱস্থান ধর্মঘট কাৰ্যসূচী ৰূপায়ন কৰে । 

author-image
Asomiya Pratidin
New Update
বঙাইগাঁও শোধনাগাৰৰ মুখ্য প্ৰৱেশদ্বাৰৰ সন্মুখত শ্ৰমিক সংগঠনৰ অৱস্থান ধৰ্মঘট

বঙাইগাঁও শোধনাগাৰৰ মুখ্য প্ৰৱেশদ্বাৰৰ সন্মুখত শ্ৰমিক সংগঠনৰ অৱস্থান ধৰ্মঘট

ডিজিটেল সংবাদ, চিৰাং : ভাৰতীয় তেল নিগমৰ অধীনস্থ বঙাইগাঁও শোধনাগাৰ কৰ্তৃপক্ষ আৰু শোধনাগাৰৰ ভিতৰচ’ৰাত কাম কৰা ঠিকাদাৰ সংস্থাৰ অধীনত কাম কৰা শ্ৰমিক সংগঠনৰ মাজত চলি থকা সমস্যা অব্যাহত আছে । আজিও বঙাইগাঁও শোধনাগাৰ কৰ্তৃপক্ষ আৰু শোধনাগাৰৰ ঠিকাদাৰ সংস্থাৰ থলুৱা শ্ৰমিক বিৰোধী নীতিৰ বিৰুদ্ধে শোধনাগাৰৰ মুখ্য প্ৰৱেশদ্বাৰৰ সন্মুখত বি জি আৰ সংযুক্ত শ্ৰমিক সমন্বয়ৰক্ষী সমিতিৰ উদ্যোগত কেইবা শতাধিক শ্ৰমিকে পুৱা ১০-০০বজাৰ পৰা দুপৰীয়া ১২-০০ বজালৈকে দুঘণ্টীয়া অৱস্থান ধর্মঘট কাৰ্যসূচী ৰূপায়ন কৰে । 

Advertisment

প্ৰতিবাদকাৰী শ্ৰমিকসকলৰ অভিযোগ যে বঙাইগাঁও শোধনাগাৰ কৰ্তৃপক্ষই পি কে এম নামৰ এটা ঠিকাদাৰ সংস্থাৰ সৈতে মিতিৰালি কৰি অন্যায়ভাৱে তিনিজনকৈ শ্ৰমিকক চাটাই কৰিছে। তাৰে ভিতৰত কৰ্মসংস্থান হেৰুৱাই মানসিক চাপত ভুগি জয়মুল বসুমতাৰী নামৰ এজন শ্ৰমিকে হৃদৰোগত আক্ৰান্ত মৃত্যুমুখত পৰিছে । 

পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী শ্ৰমিক জয়মুল বসুমতাৰীৰ মৃত্যুৰ পিছত পৰিয়ালৰ আৰ্থিক স্থিতি দুৰ্বল হৈ পৰিছে । বঙাইগাঁও শোধনাগাৰৰ সংযুক্ত শ্ৰমিক সমন্বয়ৰক্ষী সমিতিৰ সম্পাদক দিলীপ ৰায়ে কয় যে আজি পি কে এম ঠিকাদাৰ সংস্থাৰ শ্ৰমিক বিৰোধী স্থিতিৰ বাবে জলমুল বসুমতাৰীয়ে অকাল মৃত্যুক আঁকোৱালি লৈছে। সেয়ে মৃত শ্ৰমিক জয়মুল বসুমতাৰীৰ পৰিয়ালটোৰ চলিবলৈ তেওঁৰ এগৰাকী অবিবাহিত ভগ্নীক শ্ৰমিক হিচাপে নিযুক্তি দিবলৈ দাবী কৰে । 

মানৱতাৰ খাতিৰত পি কে এম ঠিকাদাৰী সংস্থাক বঙাইগাঁও শোধনাগাৰ কৰ্তৃপক্ষই হেচাঁ প্ৰয়োগ কৰাৰ বাবে আহ্বান জনাই বঙাইগাঁও ৰিফাইনেৰী সংযুক্ত শ্ৰমিক সমন্বয়ৰক্ষী সমিতিৰ শ্ৰমিক নেতা কৰ্মীসকলে । ইপিনে আজি বঙাইগাঁও শোধনাগাৰৰ মুখ্য প্ৰৱেশদ্বাৰৰ সন্মুখত শ্ৰমিক সকলৰ দুই ঘন্টীয়া অবস্থান ধৰ্মঘট কাৰ্য্যসূচীক অবৈধ বুলি এক বিবৃতি জাৰি কৰি ঘোষণা কৰে ভাৰত চৰকাৰৰ শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ৰ গুৱাহাটীস্থিত ৰাজ্যিক সহকাৰী শ্ৰম আয়োগ কাৰ্যালয়ে । 

বিবৃতিত উল্লেখ কৰা হৈছে যে আজিৰ অৱস্থান ধৰ্মঘট কাৰ্য্যসূচীক ঔদ্যোগিক বিবাদ আইন, ১৯৪৭ৰ ২২ (১) ধাৰা উলংঘা কৰা হৈছে। যাৰ বাবে এই অবস্থান ধৰ্মঘট কাৰ্যসূচী অবৈধ বুলি গণ্য কৰা হৈছে । তদুপৰি, ১৯৪৭ চনৰ ঔদ্যোগিক বিবাদ আইন ২২ৰ বিধানসমূহ মানি চলি আৰু উক্ত প্ৰস্তাৱিত ধৰ্মঘটৰ দৰে আন্দোলন কাৰ্যসূচী আগলৈ আগবাঢ়ি লৈ নাযাবলৈ বঙাইগাঁও সংযুক্ত শ্ৰমিক সমন্বয়ৰক্ষী সমিতিক পৰামৰ্শ আগবঢ়োৱা হৈছে । লগতে এই সমগ্ৰ বিবাদ সমূহ বঙাইগাঁও শোধনাগাৰ পৰিচালনা কৰ্তৃপক্ষক অৱগত কৰি আলোচনা মাজেৰে সৌহাৰ্দ্যপূৰ্ণভাৱে নিষ্পত্তি কৰিবলৈ আহ্বান জনোৱা হৈছে ।

bongaigaon chirang Bongaigaon Refinery