/asomiyapratidin/media/media_files/2025/01/11/cAyg58GSV04NR9mwAHDc.jpg)
Tractor driver killed in road accident in Kherni
ডিজিটেল সংবাদ, খেৰণি : পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা । খেৰণিৰ নায়াৰা পেট্ৰল পাম্পৰ সমীপত শুকুৰবাৰে মাজনিশা সংঘটিত হৈছে এই দুৰ্ঘটনা।
জানিব পৰা মতে নিয়ন্ত্ৰণ হেৰুৱাই পথাৰত বাগৰি পৰে এখন নম্বৰবিহীন ট্ৰেক্টৰ। ফলত ট্ৰেক্টৰখনৰ চালকজন নিহত হয়। ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। তদন্তৰ প্ৰক্ৰিয়া চলি থকাৰ মাজতে নিহত চালকজন থেচবিল গাঁৱৰ চন্দ্ৰ টেৰণ বুলি চিনাক্ত কৰিছে খেৰণি আৰক্ষীয়ে।