/asomiyapratidin/media/media_files/2025/04/25/vg5qKX4EjHYuiwwqZcmz.jpg)
নিৰাপদে উপস্থিত ২১ জনীয়া দলটো
ডিজিটেল সংবাদ,দুধনৈ: জম্মু-কাশ্মীৰৰ পেহেলগামৰ মৃত্যুৰ দুৱাৰদলিৰ পৰা নিৰাপদে আহি উপস্থিত হ'ল গোৱালপাৰা জিলাৰ দৰংগিৰিৰ এটি ২১ জনীয়া পৰ্যটকৰ দল। দৰংগিৰি আঞ্চলিক উন্নয়ন সমিতিৰ সভাপতি দিগন্ত কুমাৰ ৰাভা আৰু সম্পাদক ৰঞ্জিত ৰাভাৰ নেতৃত্বত যোৱা ১৬ এপ্ৰিলত দৰংগিৰি আঞ্চলিক উন্নয়ন সমিতিৰ বিষয়-ববীয়া আৰু সদস্য সকলৰ সৈতে ২১ জনীয়া ভ্ৰমণকাৰীৰ দলটি দৰংগিৰিৰ পৰা জম্মু-কাশ্মীৰলৈ যাত্ৰা কৰিছিল।
ভ্ৰমণকাৰীৰ দলটোৱে ১৮ এপ্ৰিলত জম্মু-কাশ্মীৰ গৈ পাইছিল। দলটোৱে কাশ্মীৰৰ বিভিন্ন মনোমোহা পৰ্যটনস্থলী সমূহ ভ্ৰমণ কৰি ২১ এপ্ৰিলত মিনি ছুইজাৰলেণ্ড খ্যাত পেহেলগামৰ বৈচৰণ উপত্যকাত উপস্থিত হৈছিল। তেওঁলোকে ২১ এপ্ৰিলত ভু-স্বৰ্গ পেহেলগামৰ বৈচৰণ উপত্যকাৰ প্ৰাকৃতিক সৌন্দৰ্য্য উপভোগ কৰি নিশাটো তাতে কটায়। ২২ এপ্ৰিলৰ পুৱাৰ সময় খিনিও বৈচৰণ উপত্যকাৰ প্ৰাকৃতিক সৌন্দৰ্য্য উপভোগ কৰে। ইয়াৰ পাছতে বেতাব ভেলি আৰু কেইটামান পৰ্যটন থলীলৈ যোৱাৰ কথা আছিল যদিও সময়ৰ নাটনি হব পাৰে বুলি ভাবি তেওঁলোকৰ পৰিকল্পনা হঠাতে সলনি কৰি চাৰে দহ-এঘাৰ মান বজাত তেওঁলোকে পেহেলগামৰ পৰা শ্ৰীনগৰলৈ ৰাওনা হয়।
শ্ৰীনগৰলৈ ৰাওনা হোৱাৰ মাত্ৰ তিনি-চাৰি ঘণ্টা মানৰ পাছতে সংঘটিত হৈছিল পাকিস্তানী সন্ত্ৰাসবাদীৰ নাৰকীয় হত্যাকাণ্ড। যিটো হত্যাকাণ্ডত ২৮ জনকৈ পৰ্যটকৰ কৰুণ মৃত্যু ঘটিছিল। তাৰ পাছতে সমগ্ৰ অঞ্চলত বিভীষিকাময় পৰিৱেশৰ সৃষ্টি হৈছিল আৰু সমগ্ৰ অঞ্চলত সান্ধ্য আইন জাৰি কৰা হৈছিল। কিন্তু মোবাইল ফোনৰ নেটৱৰ্কৰ সমস্যাৰ বাবে তেওঁলোকে সেই নাৰকীয় ঘটনাৰ খবৰ পলমকৈ লাভ কৰিছিল। যেতিয়াই তেওঁলোকে সেই শিহৰণকাৰী আৰু মৰ্মান্তিক ঘটনাৰ খবৰ লাভ কৰিছিল তেতিয়াই তেওঁলোকে ভগৱানক এশবাৰ ধন্যবাদ জনাইছিল।কাৰণ তেওঁলোকৰ পৰিকল্পনা অনুসৰি যদি পেহেলগামৰ আৰু দুটা বা এটা পৰ্য্যটনথলী ভ্ৰমণ কৰিলেহেঁতেন, তেনেহ'লে ভয়ংকৰ বিপদৰ সন্মুখীন হ'লহেঁতেন ২১ জনীয়া ভ্ৰমণকাৰীৰ দলটো ।
সৌভাগ্যক্ৰমে তেওঁলোকে পেহেলগামৰ পৰা শ্ৰীনগৰলৈ ৰাওনা হয় আৰু উভতি অহা ৰে'লৰ নিৰ্ধাৰিত সময়ৰ ঠিক আগে আগে ৰে'ল ষ্টেচন পায়। এই ক্ষেত্ৰত টুৰিষ্ট বাছৰ চালকক তেওঁলোকে ধন্যবাদ জনায়। ১৪ ঘণ্টাৰ যাত্ৰা পথত বাছ চালকে ক'তো অকণমান সময়ো বাছ ৰখোৱা নাছিল। যাৰ বাবে সঠিক সময়ত ৰে'লষ্টেচন পায় দলটোৱে।
এই শিহৰণকাৰী অভিজ্ঞতা বৰ্ণনা কৰি দৰংগিৰি আঞ্চলিক উন্নয়ন সমিতিৰ সভাপতি দিগন্ত কুমাৰ ৰাভা আৰু জ্যেষ্ঠ সদস্য হিতেশ ৰায় পাটগিৰিয়ে সদৰি কৰে, "পেহেলগাম সঁচাকৈ ভু-স্বৰ্গ; কিন্তু কাশ্মীৰৰ চাৰিওপিনে সেনাবাহিনীৰ চাউনি আৰু সেনাবাহিনীৰ পহৰা আছে যদিও পেহেলগামত কোনো নিৰাপত্তাৰ ব্যৱস্থা নথকাৰ বাবে এনে মৰ্মান্তিক ঘটনা ঘটিবলৈ পালে। গতিকে ভাৰত চৰকাৰে পৰ্যটনথলী সমূহত নিৰাপত্তাৰ ব্যৱস্থা কৰিব লাগে।" লগতে পাকিস্তানী সন্ত্ৰাসবাদীৰ এই নাৰকীয় হত্যা কাণ্ডৰ উচিত প্ৰত্যুত্তৰ দিবৰ বাবে দাবী জনায় দৰংগিৰি আঞ্চলিক উন্নয়ন সমিতিয়ে ।
দিনৰ প্ৰায় দহ বজাত জীৱন-মৰণৰ অভিজ্ঞতা লৈ ৰে'লেৰে নিৰাপদে আহি উপস্থিত হয় দৰংগিৰিৰ ২১ জনীয়া ভ্ৰমণকাৰীৰ দলটো।