Advertisment

আগ্ৰাতকৈ অযোধ্যাৰ প্ৰতিহে আগ্ৰহ বাঢ়িছে পৰ্যটকৰ...

পৰ্যটকৰ পৰিসংখ্যাৰে আগ্ৰাৰ তাজমহলক অতিক্ৰম কৰিছে উত্তৰ প্ৰদেশৰ অযোধ্যাস্থিত ৰাম মন্দিৰে। ৰাম মন্দিৰ দৰ্শনৰ বাবে আগ্ৰহ বাঢ়িছে দেশী- বিদেশী পৰ্যটকৰ...

author-image
Asomiya Pratidin
New Update
ৰাম মন্দিৰ

ৰাম মন্দিৰ

ডিজিটেল ডেস্ক : পৰ্যটকৰ পৰিসংখ্যাৰে আগ্ৰাৰ তাজমহলক অতিক্ৰম কৰিছে উত্তৰ প্ৰদেশৰ অযোধ্যাস্থিত ৰাম মন্দিৰে। ৰাম মন্দিৰ দৰ্শনৰ বাবে আগ্ৰহ বাঢ়িছে দেশী- বিদেশী পৰ্যটকৰ। পৰ্যটকৰ পৰিসংখ্যাৰ দিশেৰে উত্তৰ প্ৰদেশে অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। মানিকণ্ট্ৰলৰ এক সমীক্ষা অনুসৰি ২০২৪ৰ জানুৱাৰীৰ পৰা ছেপ্টেম্বৰৰ ভিতৰত ৪৭.৬১ নিযুত পৰ্যটকে দৰ্শন কৰিছে ৰাম মন্দিৰ।

Advertisment

সংস্থাটোৱে প্ৰস্তুত কৰা প্ৰতিবেদন অনুসৰি উক্ত সময়ছোৱাত ১৩৫.৫ মিলিয়ন ঘৰুৱা পৰ্যটক আৰু ৩,১৫৩ জন বিদেশী পৰ্যটকে দৰ্শন কৰিছিল ৰাম মন্দিৰ। ৰাম মন্দিৰৰ উদ্বোধনৰ পাছৰে পৰা সোঁত বৈছে দৰ্শনাৰ্থীৰ।

এই সম্পৰ্কত পৰ্যটন মন্ত্ৰী জয়ীৰ সিঙে ৰাজ্যখনৰ উল্লেখযোগ্য প্ৰদৰ্শনক প্ৰশংসা কৰে। তেওঁ কয় যে উত্তৰ প্ৰদেশে যোৱা বছৰ ৪৮ কোটি পৰ্যটকক আদৰণি জনাইছিল। যিটো মাইলৰ খুঁটি হিচাপে বিবেচিত হৈছে। লগতে কয়- চলিত বৰ্ষৰ মাত্ৰ ৯ মাহতে অভিলেখ সংখ্যক দৰ্শনাৰ্থীয়ে দৰ্শন কৰিছে ৰাম মন্দিৰ। এই দিশলৈ চাই নিশ্চিত হ’ব পাৰি যে অনাগত দিনত এই ধাৰা অৱ্যাহত থাকিব।

tajmahal ram mandir