/asomiyapratidin/media/media_files/2024/12/11/NGM9c7ZvR0UwBN76Oq0i.jpg)
ডিজিটেল সংবাদ, গোলাঘাটঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এতিয়া পৰ্যটনৰ বাবে উৎকৃষ্ট সময়। ডিচেম্বৰৰ পৰা জানুৱাৰী মাহৰ মাজৰ এই সময়খিনিতে সৰ্বাধিক পৰ্যটকে ভিৰ কৰেহি বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত। কিয়নো অৱসৰ বিনোদনৰ বাবে এইখিনি সময়েই সকলোৰে প্ৰিয় সময়।
এই সময়খিনিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰিবেশো সুন্দৰ হৈ থাকে। বন্যজীৱৰ বিচৰণৰ নান্দনিক দৃশ্যই মন জুৰাই প্ৰতিগৰাকী পৰ্যটকৰ ।বিশেষকৈ এইখিনি সময়তে বিদেশী পৰ্যটকৰে ভৰি পৰে কাজিৰঙা। হাতত কেমেৰা লৈ চৰাই আৰু বন্যজীৱৰ দৃশ্য বন্দী কৰিবলৈ কাজিৰঙাত বাহৰ পাতে বহু ফ’টোগ্ৰাফাৰে।কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰতিটো বনাঞ্চলৰে আছে সুকীয়া বৈশিষ্ট।উদ্যানখনৰ বাগৰী বনাঞ্চলৰ নয়নাভিৰাম পৰিৱেশে এতিয়া আপ্লুত কৰিছে বিদেশী পৰ্যটকসকলক।
এগৰাকী পৰ্যটকৰ বাবে বন্যপ্ৰাণী পৰ্যটনৰ সকলো সমল উপলব্ধ বাগৰী বনাঞ্চলত। সেউজীয়া দলিচাৰ মাজত জাকে জাকে গঁড়ৰ বিচৰণ,বিলভৰি থকা পৰিভ্ৰমী পক্ষীৰ জাক জাক বিচৰণৰ দৃশ্যই মন জুৰাইছে পৰ্যটক সকলৰ৷ আপোন মনেৰে খাদ্য গ্ৰহণ কৰি থকা বনৰীয়া ম’হ-হাতীৰ জাকে যেন ধৰা দিছে পৰ্যটকৰ সন্মুখত । এই সময়ছোৱাত কাজিৰঙা দৰ্শন কৰি প্ৰতিজন পৰ্যটকেই প্ৰশংসা কৰে ।