/asomiyapratidin/media/media_files/2025/01/15/81JH4yothyOmznq2jCjM.jpg)
কি কাৰণত পত্নী আৰু প্ৰেয়সীক লগত লৈ ফুৰিব নোৱাৰিব টীম ইণ্ডিয়াৰ খেলুৱৈয়ে
ডিজিটেল ডেস্কঃ এতিয়াৰে পৰা আৰু খেলপথাৰৰ সেই পেভিলিয়নত দেখা নাপাব বিৰাট কোহলীৰ পত্নী অনুষ্কা শৰ্মা নাইবা ৰোহিত শৰ্মাৰ পত্নীক। কেৱল বিৰাট, ৰোহিতেই নহয় টীম ইণ্ডিয়াৰ কোনো এগৰাকী খেলুৱৈয়ে এতিয়াৰে পৰা লগত নিব নোৱাৰিব পত্নী নাইবা প্ৰেয়সীক। শেহতীয়াকৈ বি চি চি আয়ে এই সন্দৰ্ভত এক কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
উল্লেখ কৰা প্ৰয়োজন যে, পূৰ্বে যতেই টীম ইণ্ডিয়াৰ খেল অনুষ্ঠিত হয়, তাতেই পত্নী নাইবা প্ৰেয়সীক খেলুৱৈৰ সৈতে গলে তাৰ সকলো দায়িত্ব বহন কৰে বি চি চি আয়ে। কিন্তু এতিয়াৰে পৰা সেই দায়িত্ব আৰু গ্ৰহণ নকৰে বি চি চি আয়ে। আনিক কঠোৰ নিৰ্দেশত কোৱা হৈছে যে, খেলৰ সময়ত কোনো খেলুৱৈ অধিক সময় থাকিব নোৱাৰিব পৰিয়ালৰ সৈতে।
বি চি চি আয়ে প্ৰদান কৰা নিৰ্দেশ অনুসৰি, যদিহে এতিয়াৰে পৰা কোনো এখন খেলৰ বাবে টীম ইণ্ডিয়া ৪৫দিনীয়া এটা ভ্ৰমণত বিদেশলৈ যায়। তেন্তে মাত্ৰ ১৪দিনহে তেওঁ পৰিয়ালৰ সৈতে থাকিব পাৰিব। যদিহে ইয়াতকৈ সেই ভ্ৰমণসূচী চমু হয়, তেন্তে ৭দিনতকৈ অধিক সময় পৰিয়ালৰ সৈতে কটাব নোৱাৰিব টীম ইণ্ডিয়াৰ খেলুৱৈ সকলে।
এতিয়া সকলোৱে মনত প্ৰশ্নৰ উদয় হৈছে যে, বি চি চি আয়ে কিয় এনে সিদ্ধান্ত গ্ৰহণ কৰিলে। দৰাচলতে বিগত কিছুদিনৰ পৰা টীম ইণ্ডিয়াৰ প্ৰদৰ্শন বৰ বেছি ভাল নহয়। যেতিয়া বিদেশত টীম ইণ্ডিয়া দীঘলীয়া ভ্ৰমণসূচীৰে যায় তেতিয়া বেছিভাগ সময়ে তেওঁলোকে পৰিয়ালৰ সৈতে কটায়। এনে পৰিস্থিতিত খেলুৱৈসকলৰ মাজত টীম বণ্ডিঙৰ যথেষ্ট অভাৱ দেখা পোৱা যায় খেলপথাৰত। এনে পৰিপ্ৰেক্ষিততে টীম ইণ্ডিয়াই এনে সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি জানিব পৰা গৈছে।
ইয়াৰোপৰি অন্য এক কাৰনো আছে। বি চি চি আইৰ বিশ্ব ভিতৰতে অন্যতম এখন ক্ৰিকেট বৰ্ড। গতিকে তেওঁলোকৰ ধন একো অভাৱ নাই। কিন্তু যেতিয়া বিদেশ ভ্ৰমণত যায়, তেতিয়া দলৰ লগতে পৰিয়ালৰ সকলো দায়িত্ব টীম ইণ্ডিয়াৰ মেনেজমেন্ট টীমটোৱে লব লাগে। কেতিয়াবা এনে পৰিস্থিতিৰ সৃষ্টি হয় যে, পৰিয়ালক যাৱতীয় সুবিধা প্ৰদান কৰাত লাগি থাকোতে অন্য বহু কাম পৰি ৰয়।
সেয়েহে হয়তো বি চি চি আয়ে খেলুৱৈৰ ওপৰতে অধিক মনোনিৱেশ কৰাৰ উদ্দেশ্যৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। অৱশ্যে বি চি চি আয়ে এই মূৰ্হুতলৈকে এই সিদ্ধান্তৰ আঁৰৰ কাৰন ৰাজহুৱা কৰা নাই।