Advertisment

টৌভঙাৰ ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা

আহতজনক স্থানীয় চিকিৎসালয়লৈ নিয়া হয় যদিও অৱস্থা সংকটজনক দেখি চিকিৎসকে উন্নত চিকিৎসাৰ বাবে তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে ৷ মটৰ চাইকেল চালকজনে পথ দুৰ্ঘটনাটো সংঘটিত কৰিয়ে সেই স্থানৰ পৰা পলায়ণ কৰে ৷

author-image
Asomiya Pratidin
New Update
cvcv

ডিজিটেল সংবাদ,জামুগুৰিহাট:  ভোগালীৰ আনন্দ উল্লাসৰ মাজতে জামুগুৰিহাটৰ টৌভঙাৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হ'ল এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ AS-12-T-6213 নম্বৰৰ তীব্ৰবেগী বুলেট বাহনৰ খুন্দাত গুৰুতৰভাবে আহত তিনি চকীয়া ৰিস্কা চালক ৷

Advertisment

আহতজনক স্থানীয় চিকিৎসালয়লৈ নিয়া হয় যদিও অৱস্থা সংকটজনক দেখি চিকিৎসকে উন্নত চিকিৎসাৰ বাবে তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে ৷ মটৰ চাইকেল চালকজনে দুৰ্ঘটনাটো সংঘটিত কৰিয়ে সেই স্থানৰ পৰা পলায়ণ কৰে ৷

আহত ৰিক্সা চালক জনৰ নাম আজিমুদ্দিন বুলি জানিব পৰা গৈছে ৷ কাৱাৰীৰ ভঙা তুটা সামগ্ৰী সংগ্ৰহৰ বাবে গাঁৱে গাঁৱে ঘুৰি ফুৰা ৰিক্সা চালক জনৰ ঘৰ খনামুখত। সম্প্ৰতি ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ৷

পথ দুৰ্ঘটনা