/asomiyapratidin/media/media_files/2025/06/19/toll-ss-2025-06-19-10-46-59.jpg)
ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰীয় ঘাইপথত যাতায়াত কৰাসকলক দিছে বৃহৎ সকাহ। প্ৰতিদিনে বা প্ৰতিমাহে টোলটেক্স আদায় দিয়াৰ পৰা মুক্ত হ’বলৈ গৈ আছে এইসকল যাত্ৰী। বছৰত এবাৰ ৩০০০ টকাৰ Fastag pass সংগ্ৰহ কৰিলে দেশজুৰি ২০০টা ভ্ৰমণ হ’ব একেবাৰে বিনামূলীয়া।
নীতিন গাডকাৰীয়ে ছ’চিয়েল মিডিয়াৰ জৰিয়তে সমগ্ৰ দেশতে বাৰ্ষিক FASTag Pass মুকলি কৰাৰ কথা ঘোষণা কৰে। এই বাৰ্ষিক পাছৰ বাবে বছৰত এবাৰহে ৩ হাজাৰ টকা খৰচ কৰিব লাগিব। ইয়াৰ পাছত এই পাছ ব্যৱহাৰকাৰীক প্ৰদান কৰা হ’ব।
এই পাছ সক্ৰিয় হোৱাৰ পাছত ১ বছৰ বা ২০০ ভ্ৰমণৰ বাবে (যিটোৱেই প্ৰথমে আহিব) বৈধ হ’ব। অৰ্থাৎ সময়ৰ আগতেই যদি ২০০টা ভ্ৰমণ সম্পূৰ্ণ হয়, তেন্তে ব্যৱহাৰকাৰীসকলে পুনৰ এবাৰ পাছ ৰিনিউ কৰিব লাগিব।
এই পাছ বিশেষভাৱে কেৱল অবাণিজ্যিক ব্যক্তিগত বাহন (গাড়ী, জীপ, ভেন আদিৰ বাবেহে ডিজাইন কৰা হৈছে। সমগ্ৰ দেশৰ ৰাষ্ট্ৰীয় ঘাইপথত চলা যান-বাহনৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব। ইয়াত বাণিজ্যিক বাহন অন্তৰ্ভুক্ত কৰা হোৱা নাই।