Advertisment

আজি হেপাঁহৰ ভোগালী বিহু...

ৰাজ্যজুৰি ভোগালীৰ পাৰ ভঙা উছাহ।  আজি অসমীয়াৰ হেঁপাহৰ মাঘ বিহু। পুহ আৰু মাঘৰ সংক্ৰান্তিৰ দিনা সমূহ অসমীয়াই পালন কৰে বাপতিসাহোন এই মাঘ বিহু। ভোগালী

author-image
Asomiya Pratidin
New Update
ভোগালী

ভোগালী Photograph: (ভোগালী)

ডিজিটেল ডেস্কঃ ৰাজ্যজুৰি ভোগালীৰ পাৰ ভঙা উছাহ।  আজি অসমীয়াৰ হেঁপাহৰ মাঘ বিহু। পুহ আৰু মাঘৰ সংক্ৰান্তিৰ দিনা সমূহ অসমীয়াই পালন কৰে বাপতিসাহোন এই মাঘ বিহু। পুৱতি নিশা উঠি অসমীয়াই মেজিত অগ্নিসংযোগ কৰে আৰু কনিষ্ঠজনে জ্যেষ্ঠজনৰ পৰা আশীৰ্বাদ লয় ।

Advertisment

মেজিৰ জুইত সমাজৰ সকলো অপায় অমংগল দূৰ হয় আৰু সমাজলৈ শান্তি-সমৃদ্ধি ঘূৰি আহে বুলি এক প্ৰবাদ আছে। বৰ্তমান আধুনিকতাৰ ধামখুমিয়াত বিহুৰ পূৰ্বৰ মাদকতা কিছু হ্ৰাস হ’লেও মাঘ বিহুক লৈ মানুহৰ আনন্দ নাইকীয়া হোৱা নাই। এই সময়চোৱাত অসমীয়াই তিল পিঠা,চিৰা, বৰা ধানৰ সান্দহ, আখৈ, ভজা চাউল, কোমল চাউল, ভাপত দিয়া পিঠা, নাৰিকলৰ লাডু, তিলৰ লাড়ুকে ধৰি বিভিন্ন ধৰণৰ লাড়ু বনায়।

বিভিন্নজনে আলহীক ঘৰলৈ বিহু খাব মাতে। বিহুৰ সময়ত বিভিন্ন ধৰণৰ খেল অনুষ্ঠিত হয়। তাৰ ভিতৰত বুলবুলি চৰাইৰ যুঁজ, মহ যুঁজ, কণী যুঁজ আদি অন্যতম। কিন্তু ন্যায়ালয়ৰ নিষেধাজ্ঞাৰ বাবে এইবাৰ বিহুত অনুষ্ঠিত নহয় বুলবুলি চৰাইৰ যুঁজ আৰু মহ যুঁজ।

মাঘ বিহু আদিম যুগৰ পৰাই সমগ্ৰ অসমত এক গুৰুত্বপূৰ্ণ উৎসৱ হিচাপে পালন কৰি অহা হৈছে। মাঘ বিহু আদিম যুগৰ বড়ো মূলীয় লোক সকলৰ প্ৰধান উৎসৱ আছিল। পাছৰ পৰ্যায়ত কামৰূপ ৰাজ্যৰ দিনত আৰ্য ব্ৰাহ্মণ সকলে হিন্দু ৰীতি মতে তিথি নিৰ্ধাৰিত কৰি দিছিল।

চুতীয়া আৰু আহোমৰ ৰাজত্বকালত ৰাজকীয় পৃষ্ঠপোষকতাৰে এই বিহু পালন কৰা হয় বুলি জনা যায়। আহোম ৰজা ৰুদ্ৰসিংহৰ দিনৰ পৰা বিহুৰ দিনা ৰংঘৰৰ বাকৰিত বিভিন্ন খেল-ধেমালি, ৰং-ৰহইচৰ আয়োজন কৰা হৈছিল। ৰজা‌সকলে ডা-ডাঙৰীয়াসকলৰ সৈতে উপস্থিত থাকি এই উৎসৱ উপভোগ কৰিছিল। আকাশত শেন-কণুৱা আদি চৰাইক প্ৰশিক্ষণ দি ৰণ লগোৱা হৈছিল।

 সেইদৰে হাতী যুঁজ, কুকুৰা যুঁজ, কণী যুঁজ, মল্ল যুঁজ, ম'হ যুঁজ, বুলবুলি চৰাইৰ যুঁজ আদিৰো সেইসময়তে প্ৰচলন হয় বুলি জানিব পৰা যায়। এই সমূহ কাৰ্যৰ সুষমতাৰ বাবে ৰজাঘৰীয়া খেল আৰু বিষয়বাব আছিল। যেনে- হাতীবৰুৱা, শেনচোৱা ফুকন, কুকুৰাচোৱা বৰুৱা ইত্যাদি। সেইদিশৰ পৰা ৰংঘৰ আৰু ইয়াৰ সৈতে সংলগ্ন বাকৰি ৰোমান কলছিয়ামৰ সমতুল্য।

মানৱ সমাজৰ চিকাৰ যুগৰ পৰা কৃষিযুগলৈ উত্তৰণ ঘটিল যদিও সমূহীয়াভাৱে চিকাৰ কৰাৰ প্ৰথা একেবাৰে নাইকিয়া নহ'ল। যাৰ ফলত সমূহীয়া চিকাৰৰ ঠাইত আধুনিকযুগ বা মধ্যযুগৰ শেষৰ ফালে মৎস্য চিকাৰ কৰাৰ পৰম্পৰা হ'ল।

বিহুৰ উৰুকাৰ দিনা বিল, নদী, পুখুৰী, জান জলাশয় আদিত একোটা চুবুৰি বা একোখন গাঁৱৰ ৰাইজে সমূহীয়াকৈ মাছ ধৰে। জাতি-ধৰ্ম নিৰ্বিশেষে সকলো লোকে এই মাছ ধৰা উৎসৱত অংশগ্ৰহণ কৰে। এই প্ৰথা অনুসৰি, বিল, নদী, পুখুৰী আদিত জাল, পল, জুলুকিলৈ মাছ মাৰি ৰাইজে সেই মাছেৰে উৰুকাৰ ভোজ খায়।

ভোগালী বিহু