/asomiyapratidin/media/media_files/2025/11/07/148-2025-11-07-09-39-40.jpg)
ডিজিটেল ডেস্ক : এটা, দুটা নহয়; আজি কেইবাটাও প্ৰকল্প উদ্বোধন কৰিব কেন্দ্ৰীয় মন্ত্ৰী নিৰ্মলা সীতাৰমণে। ৭ নৱেম্বৰ ২০২৫, শুকুৰবাৰে অসমলৈ দুদিনীয়া কাৰ্যসূচী হাতত লৈ আহিব কেন্দ্ৰীয় বিত্ত মন্ত্ৰী সীতাৰমণ।
দুদিনীয়া ভ্ৰমণৰ প্ৰথমটো দিনত গুৱাহাটীত একাধিক প্ৰকল্প উদ্বোধন কৰিব মন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত সতী ৰাধিকা শান্তি উদ্যান প্ৰকল্প উদ্বোধন কৰিব কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। একেদৰে গুৱাহাটী প্ৰৱেশদ্বাৰ( টাৰ্মিনেল আৰু ঘাট)ৰ শুভ উদ্বোধন কৰিব কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।
মন্ত্ৰীগৰাকীয়ে পদাৰ্পণ কৰাৰ আগেয়ে ইতিমধ্যে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us