/asomiyapratidin/media/media_files/2025/06/30/278-2025-06-30-11-34-10.jpg)
ডিজিটেল ডেস্ক : বিশ্ব অৰ্থনীতিৰ অনিশ্চিয়তাৰ মাজতো ভাৰতৰ অৰ্থনীতি যথেষ্ট সবল স্থানত আছে। সম্প্ৰতি ভাৰতৰ অৰ্থনৈতিক অৱস্থা খুবেই ভাল।
অৱশ্যে মাজে- মধ্যে ইয়াৰ তাৰতম্য ঘটে যদিও সামগ্ৰীকভাৱে যথেষ্ট সুস্থিৰ।– ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে গ্ৰহণ কৰা এক সাক্ষাতকাৰত এইদৰে মন্তব্য প্ৰদান কৰে কেন্দ্ৰীয় মন্ত্ৰী নিৰ্মলা সীতাৰমণে।
সংবাদ সংস্থাটোৱে অৱতাৰণা কৰা আত্মনিৰ্ভৰ ভাৰতে প্ৰতিৰক্ষাৰ ক্ষেত্ৰত কি কৰিব পাৰে বুলি সোধা প্ৰশ্নৰ উত্তৰো অতি সাৱলীলভাৱে দিয়ে মন্ত্ৰীগৰাকীয়ে। তেওঁ কয়- মুদ্ৰাস্ফীতিৰ ধাৰা, ৰপ্তানি আদিৰ দিশ পৰ্যবেক্ষণ কৰিলে লক্ষ্য কৰিব পাৰি যে, ভাৰতৰ বিত্তীয় বজাৰত উত্থান ঘটিছে।
বিগত ১১ বছৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ কাৰ্যকালত বহুকেইখন আঁচনি ৰূপায়ণ কৰা হৈছে। যিবোৰ আঁচনিৰ দ্বাৰা জনসাধাৰণৰ যথেষ্ট লাভ হৈছে। এইবোৰ এনেই হোৱা নাই, এইবোৰ সুনিৰ্দিষ্ট নীতি নিৰ্ধাৰণৰ ফচল বুলি ক’ব পাৰে।
আনহাতে ভাৰতৰ অৰ্থনীতিত কৃষি খণ্ড আৰু এম এছ এম ইৰ অৱদানৰ কথাও তেওঁ অৱগত কৰে। বৰ্তমান ভাৰতে বিভিন্ন সামগ্ৰী বিশ্বৰ বিভিন্ন দেশলৈ ৰপ্তানি কৰে, তাৰ যোগেদিও অৰ্থনীতিত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে।
সম্প্ৰতি বিভিন্ন বিনিয়োগকাৰীয়ে ভাৰতত বিনিয়োগ কৰিবলৈ আগবাঢ়ি আহিছে। তাৰোপৰি বেংকেও নিৰ্মাণকাৰীসকলক ঋণ প্ৰদান কৰিবলৈ আগ্ৰহ দেখুওৱা পৰিলক্ষিত হৈছে বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়।