তিনি লক্ষাধিক পৰীক্ষাৰ্থীঃ আজিৰে উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষা আৰম্ভ...

আজি ৰাজ্যৰ লাখ লাখ পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত। পৰীক্ষাৰ্থীসকলক পুৱাই শুভেচ্ছা জ্ঞাপন কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীয়ে।

author-image
Asomiya Pratidin
New Update
HS পৰীক্ষা

HS পৰীক্ষা

ডিজিটেল ডেস্কঃ আজি ৰাজ্যৰ লাখ লাখ পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত। পৰীক্ষাৰ্থীসকলক পুৱাই শুভেচ্ছা জ্ঞাপন কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীয়ে।

উল্লেখ কৰা প্ৰয়োজন যে, মুঠ ৩,০৬,৮৪১ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব এই পৰীক্ষাত।  এই পৰীক্ষাৰ বাবে ৰাজ্যত মুঠ ৮৫৬ টা পৰীক্ষা কেন্দ্ৰ স্থাপন কৰা হৈছে।  আজিৰ পৰা আৰম্ভ হোৱা পৰীক্ষা ১৭ মাৰ্চলৈ চলিব।

উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাও দুটা বেলাত অনুষ্ঠিত হ’ব। প্ৰথম বেলাৰ পৰীক্ষা পুৱা ৯ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ অনুষ্ঠিত হোৱাৰ বিপৰীতে দ্বিতীয় বেলাৰ পৰীক্ষা ১.৩০ বজাৰ পৰা ৪.৩০ বজালৈ অনুষ্ঠিত হ’ব। আজি দিনৰ ১.৩০ বজাৰ পৰা আছে ইংৰাজী বিষয়ৰ পৰীক্ষা। এই পৰীক্ষা আবেলি ৪.৩০ বজালৈ চলিব। 

ইফালে ১৫ ফেব্ৰুৱাৰীৰ পৰা ৩ মাৰ্চলৈ হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত হ’ব। হাইস্কুল শিক্ষান্ত পৰীক্ষাত মুঠ ৪,২৯,৪৪৮ গৰাকী ছাত্ৰ-ছাত্ৰী পৰীক্ষাত অৱতীৰ্ণ হ'ব।

উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা