New Update
/asomiyapratidin/media/media_files/2024/11/15/zMaedYBuVvd4GDOLat6R.jpg)
ডিজিটেল ডেস্ক : আজি ৰাস পূৰ্ণিমা। শ্ৰীকৃষ্ণ বন্দনাৰে আজি মুখৰ হ’ব ৰাজ্যৰ আকাশ- বতাহ। ৰাজ্যৰ ভিন্ন প্ৰান্তত আয়োজন কৰা হৈছে ৰাস মহোৎসৱৰ।
আজি অৰ্থাৎ আঘোণ মাহৰ পূৰ্ণিমাৰ সন্ধিয়াৰ পৰা ৰাজ্যজুৰি আৰম্ভ হ’ব ৰাস মহোৎসৱ। এই মহোৎসৱক লৈ ইতিমধ্যে বিভিন্ন প্ৰান্তত গঢ়ি তোলা হৈছে মৃণ্ময় মূৰ্তি। একেদৰে কোনো কোনো প্ৰান্তত জীৱন্ত ৰাসো দেখিবলৈ পোৱা যাব।
ৰাস মহোৎসৱক লৈ নলবাৰী, হাউলী, মাজুলী মঙলদৈ আদি বিভিন্ন প্ৰান্তত ৰাসৰ ব্যাপক প্ৰস্তুতি পৰিলক্ষিত হৈছে। উল্লেখযোগ্য যে উত্তৰ- পূব ভাৰতৰ অন্যতম নলবাৰীত এইবাৰ ১৪ দিনীয়া কাৰ্যসূচীৰে ৰাস মহোৎসৱৰ আয়োজন কৰা হৈছে।
১১ খন ভ্ৰাম্যমাণ থিয়েটাৰে নাট প্ৰদৰ্শন কৰিব নলবাৰীৰ ৰাসত। তাৰোপৰি আছে কেতবোৰ কাৰ্যসূচী।