/asomiyapratidin/media/media_files/2025/03/29/CXZnwpDVIaEBZqqKOkft.jpg)
ডিজিটেল ডেস্ক : আজি আকাশত দৃশ্যমান হ’ব চলিত বৰ্ষৰ প্ৰথমটো সূৰ্যগ্ৰহ। এই পৰিঘটনাটো বিশেষকৈ উত্তৰ- পূব আমেৰিকা আৰু কানাডাৰ কিছু অংশৰ লোকে দৰ্শন কৰিব পাৰিব। ইয়াত সূৰ্যৰ এটা অংশ সামৰি লোৱা হ’ব। তাৰোপৰি ইয়াক অৰ্ধচন্দ্ৰৰ ৰূপত দেখা পোৱা যাব।
ইয়াৰ উপৰি এই সূৰ্যগ্ৰহণ বাৰ্মুডা, বাৰ্বাডোছ, ডেনমাৰ্ক, অষ্ট্ৰিয়া, বেলজিয়াম, উত্তৰ ব্ৰাজিল, ফিনলেণ্ড, জাৰ্মানী, ফ্ৰান্স, হাংগেৰী, আয়াৰলেণ্ড, মৰক্কো, গ্ৰীণলেণ্ড, কানাডাৰ পূব অংশ, লিথুৱেনিয়া, হলণ্ড, পৰ্তুগাল, উত্তৰ ৰাছিয়া, স্পেইন, চুৰিনাম, ছুইডেন, পোলেণ্ড, পৰ্তুগাল, নৰৱে, ইউক্ৰেইন, চুইজাৰলেণ্ড, ইংলেণ্ড আৰু আমেৰিকাৰ পূব অঞ্চলত দেখা যাব বুলি বিজ্ঞানীসকলে উল্লেখ কৰিছে।
উল্লেখযোগ্য যে, জ্যোতিৰ্বিজ্ঞানীসকলৰ মতে এই পৰিঘটনা ভাৰতত দৃশ্যমান নহয়। গতিকে ভাৰতত বাস কৰা লোকসকলৰ ক্ষেত্ৰত কোনো ধৰ্মীয় প্ৰভাৱ নপৰে।
আনহাতে, ভাৰতীয় সময় অনুসৰি ২৯ মাৰ্চৰ দুপৰীয়া ২-২০ বজাৰ পৰা আৰম্ভ হ’ব সূৰ্যগ্ৰহণ। একেদৰে সন্ধিয়া ৪-১৭ বজাত শেষ হ’ব সূৰ্যগ্ৰহণৰ পৰিঘটনা। এই গ্ৰহণ মীন আৰু উত্তৰ ভদ্ৰপদ নক্ষত্ৰত সংঘটিত হ’ব। সেয়েহে ইয়াৰ জ্যোতিষীয় গুৰুত্বৰ বিষয়ে অধিক বিবেচনা কৰা হৈছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us