আজি ৰঙৰ উৎসৱ ফাকুৱা : কৃষ্ণ বন্দনাৰে মুখৰিত হ’ব ৰাজ্যৰ ভিন্ন প্ৰান্ত

আজি কাৰোৰে মনত নাই বেজাৰ, কাৰোৰো মনত নাই বিৰক্তি কিম্বা আক্ষেপ ! খন্তেকৰ বাবে সকলো দুখ- বেজাৰ একাষৰীয়া কৰি আঁকোৱালি লৈছে ৰং আৰু আনন্দ ! 

author-image
Asomiya Pratidin
New Update
আজি ৰঙৰ উৎসৱ ফাকুৱা

আজি ৰঙৰ উৎসৱ ফাকুৱা

ডিজিটেল ডেস্ক : আজি কাৰোৰে মনত নাই বেজাৰ, কাৰোৰো মনত নাই বিৰক্তি কিম্বা আক্ষেপ ! খন্তেকৰ বাবে সকলো দুখ- বেজাৰ একাষৰীয়া কৰি আঁকোৱালি লৈছে ৰং আৰু আনন্দ ! 

Advertisment

কিয়নো আজি ৰঙৰ উৎসৱ ফাকুৱা। ৰাজ্যৰ ভিন্ন প্ৰান্তত উদযাপন কৰা হ’ব দৌল উৎসৱ তথা ফাকুৱা। ফাকুৱাৰ ৰঙেৰে ৰঙীণ হৈ পৰাৰ সময় এয়া। পলাশৰ ৰঙতকৈও ৰঙীণ হোৱাৰ সময় এয়া। চঞ্চল ফাগুনৰ আচলত ধৰি আনন্দ উদযাপন কৰাৰ সময় ফাকুৱা। 

চৌদিশে উচাহপূৰ্ণ আয়োজনেৰে উদযাপন কৰা হ’ব এই দৌল উৎসৱ। ইতিমধ্যে বৰপেটা, হাউলী, নলবাৰী, মাজুলীৰ সত্ৰসমূহকে ধৰি ভিন্ন প্ৰান্তত চলিছে ব্যাপক আয়োজন। উদুলি- মুদুলি হৈ পৰিছে চৌদিশ। কাৰ্যতঃ শ্ৰীকৃষ্ণ বন্দনা আৰু হোলী গীতৰ মুৰ্ছনাৰে মুখৰ হৈ পৰিব ৰাজ্যৰ আকাশ- বতাহ।

ফাকুৱা