/asomiyapratidin/media/media_files/2025/06/12/KiqO6N5mKrN1FU2Ivkd7.jpg)
horim Photograph: (horim)
ডিজিটেল ডেস্ক : “আলো মঞি কি কহবো দুখ।
ৰাণ নিগৰে নাদেখিয়া চান্দ-মুখ।।
কত পুণ্যে লভিলো গুণেৰ নিধি শ্যাম।
বঞ্চিয়া নিলেক নিকৰুণ বিধি বাম।।
শ্যামকানু বিনে মোৰ নৰহে জীৱন।
হা শ্যাম বুলিতে অকুল কৰে মন…।।“
আজি মহাপুৰুষ মাধৱদেৱৰ আৰ্বিভাৱ তিথি। গুৰুবন্দনা, নাম-কীৰ্তন তথা হৰিনামৰ ধ্বনিৰে মুখৰিত হ’ব অসমৰ আকাশ-বতাহ। ধৰাৰ বুকুলৈ নামি আহিব অমৃত প্ৰেমৰ নিজৰা। পুৱাৰে পৰা শ্ৰী শ্ৰী মাধৱদেৱৰ বন্দনা, হৰিনামেৰে মুখৰিত হ'ল ৰাজ্যৰ বিভিন্ন প্ৰান্ত । সমগ্ৰ ৰাজ্যই গুৰুজনাৰ প্ৰতি থকা অপৰিসীম শ্ৰদ্ধা আৰু ভকতিৰে ৫৩৭ সংখ্যক আৱিৰ্ভাৱ তিথি মহোৎসৱ পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ সৈতেই ঢেকীয়াখোৱা বৰনামঘৰত ৪ জুনৰ পৰা গুৰুজনাৰ জন্মোৎসৱ পালন কৰা দেখা যায় ।
১৮৮৯ চনত জন্ম লাভ কৰা শ্ৰী শ্ৰী মাধৱদেৱ সম্পৰ্কে কোনো অসমীয়াকেই কাহানিও পৰিচয় কৰাই দিয়াৰ প্ৰয়োজন নহ'ব । অসমীয়া জাতিৰ অস্তিত্ব থকালৈকে থাকিব গুৰুদুজনাৰ আদৰ্শ আৰু অৱদান । শ্ৰীমন্ত শংকৰদেৱৰ দৰেই সকলো দিশতেই সমানেই পাণ্ডিত্য আছিল শ্ৰী শ্ৰী মাধৱদেৱৰো । শংকৰদেৱে বঢ়াৰ পো আখ্যা দিয়া মাধৱদেৱৰ সৃষ্টিৰাজিয়েই ইয়াৰ প্ৰমাণ ।
শ্ৰীমন্ত শংকৰদেৱৰ দৰেই মাধৱদেৱৰো সৃষ্টিৰাজি কেৱল ভক্তিমূলক নাছিল । ভক্তিৰ মাজতেই লুকাই আছে মহাপুৰুষ গৰাকীৰ কবিত্বময় প্ৰকাশ । ইয়াৰেই জলন্ত উদাহৰণ মহাপুৰুষজনাৰ অমৰ সৃষ্টি নামঘোষা । নামঘোষাৰ ওপৰত ড০ সত্যেন্দ্ৰ নাথ শৰ্মাই 'অসমীয়া সাহিত্যৰ সমিক্ষাত্মক ইতিবৃত্ত' ত প্ৰকাশ কৰিছে এক গৱেষণামূলক অধ্যয়নৰ ।
মহাপুৰুষজনাৰ সাহিত্য ৰাজিক প্ৰধানকৈ ভাগ কৰা হয় আখ্যানমূলক আৰু তত্ৱমূলক সাহিত্যত । ইয়াৰ উপৰিও গুৰু শংকৰদেৱৰ পদধূলা অনুসৰণ কৰিয়েই ৰচনা কৰিছিল বৰগীত আৰু আন কাব্যৰ ।
বিশ্ব বিশ্ৰুত নাট্যকাৰ শ্বেইকছপীয়েৰৰ জন্মৰো বহু বছৰ পূৰ্বেই অসমত আধুনিক নাটক আৰু সাহিত্যৰ সূচনা হৈছিল মহাপুৰুষ দুজনাৰ উদ্যোগত । মহাপুৰুষ মাধৱদেৱৰ সাহিত্য ৰাজিৰ অধ্যয়ন পৰৱৰ্তী কালত বিদ্যালয় পৰ্যায়ত কেৱল তেজৰে কমলাপতি, আৰু মহাবিদ্যালয় পৰ্যায়ত বৰগীত,ভটিমা আৰু নাটৰ মাজতেই সীমাবদ্ধ ।
গৱেষক সকলেও সময়ে সময়ে মহাপুৰুষ জনাৰ সৃষ্টিৰ ওপৰত গৱেষণা কৰি আহিছে যদিও আধুনিক অসমীয়া সাহিত্য আৰু বিশেষকৈ নাট্য জগতত তেখেতৰ অৱদান সম্পৰ্কে আলোচনা খুবেই নগণ্য ।
মহাপুৰুষ জনাক কেৱল মহাপুৰুষ হিচাপেই বা ধৰ্ম প্ৰচাৰক হিচাপেই নহয় বৰং অন্তত: আজিৰ দিনটোত নাট্যকাৰ তথা এগৰাকী সমাজ-সংস্কাৰক হিচাপেও স্মৰণ কৰা উচিত ।