আজি ভাৰতীয় জনতা পাৰ্টীৰ ৪৬সংখ্যক প্ৰতিষ্ঠা দিৱস

আজি ভাৰতীয় জনতা পাৰ্টী চমুকৈ বি জে পিৰ ৪৬ সংখ্যক প্ৰতিষ্ঠা দিৱস। দেশৰ ভিন্ন প্ৰান্তত থকা বিজেপিৰ কাৰ্যালয়সমূহত আয়োজন কৰা হৈছে প্ৰতিষ্ঠা দিৱসৰ কেতবোৰ অনুষ্ঠানৰ। 

author-image
Asomiya Pratidin
New Update
আজি ভাৰতীয় জনতা পাৰ্টীৰ ৪৬সংখ্যক প্ৰতিষ্ঠা দিৱস

ডিজিটেল ডেস্ক : আজি ভাৰতীয় জনতা পাৰ্টী চমুকৈ বি জে পিৰ ৪৬ সংখ্যক প্ৰতিষ্ঠা দিৱস। দেশৰ ভিন্ন প্ৰান্তত থকা বিজেপিৰ কাৰ্যালয়সমূহত আয়োজন কৰা হৈছে প্ৰতিষ্ঠা দিৱসৰ কেতবোৰ অনুষ্ঠানৰ। 

একেদৰে অসম ৰাজ্যিক বিজেপিৰ কাৰ্যালয়তো বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হৈছে। পুৱাৰে পৰা অনুষ্ঠিত হৈছে বিভিন্ন অনুষ্ঠানৰ।

ইফালে প্ৰতিষ্ঠা দিৱস উপলক্ষে বশিষ্ঠস্থিত ৰাজ্যিক বিজেপিৰ কাৰ্যালয় বাজপেয়ী ভৱনত উপস্থিত হৈছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, সভাপতি- সাংসদ দিলীপ শইকীয়া, প্ৰাক্তন সভাপতি তথা বিধায়ক ভৱেশ কলিতা, মন্ত্ৰী ৰণজিত দাসকে ধৰি ভালেসংখ্যক জ্যেষ্ঠ নেতাৰ উপৰি বিজেপিৰ কৰ্মকৰ্তাসকল।

এইখিনিতে এটা কথা উল্লেখ কৰা প্ৰয়োজন যে, ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ ১৯৫১ চনত ভাৰতীয় জনসংঘ নামেৰে এই ৰাজনৈতিক দলটো প্ৰতিষ্ঠা কৰা হৈছিল। অৱশ্যে পাছলৈ ১৯৮০ চনৰ ৬ এপ্ৰিলত ইয়াক ভাৰতীয় জনতা পাৰ্টী নামেৰে নামকৰণ কৰা হয়। তেতিয়াৰ পৰাই আজিৰ এই দিনটোত ভাৰতীয় জনতা পাৰ্টীৰ স্থাপনা দিৱস পালন কৰা হয়।

bjp