'হেমকোষপ্ৰাণ' দেৱানন্দ বৰুৱাৰ আজি ত্ৰয়োদশ মৃত্যুবাৰ্ষিকী

এইগৰাকী প্ৰাতঃস্মৰণীয় ব্যক্তিৰ জন্ম হৈছিল ১৯২২ চনৰ ৫ ছেপ্টেম্বৰত শিৱসাগৰ জিলাত। পিতৃ আছিল আনন্দৰাম বৰুৱা আৰু মাতৃ সাৰদা বালা দেৱী।

author-image
Asomiya Pratidin
New Update
দেৱানন্দ বৰুৱাৰ আজি ত্ৰয়োদশ মৃত্যুবাৰ্ষিকী

দেৱানন্দ বৰুৱাৰ আজি ত্ৰয়োদশ মৃত্যুবাৰ্ষিকী

ডিজিটেল ডেস্ক : তেওঁৰ আশাশুধীয়া প্ৰচেষ্টেতে ১৯৮৯চনত জন্মলাভ কৰিছিল সাপ্তাহিক কাকত 'সাদিন'। পিচলৈ তেওঁৰ দিক্-দৰ্শনত পৰ্যায়ক্ৰমে জন্ম হৈছিল অসমীয়া প্ৰতিদিন, নন্দিনী, সাতসৰী আৰু প্ৰতিদিন টাইমৰ।

Advertisment

ভাষাৰ দেউল 'হেমকোষ'ৰ পৰিৱৰ্ধিত সংস্কৰণৰ সম্পাদনাৰ দায়িত্বও পালন কৰিছিল সূচাৰুৰূপে। এই মহান ব্যক্তিত্বৰ অধিকাৰীগৰাকীয়ে হৈছে ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ নাতি তথা 'হেমকোষপ্ৰাণ' দেৱানন্দ বৰুৱা।

এইগৰাকী প্ৰাতঃস্মৰণীয় ব্যক্তিৰ জন্ম হৈছিল ১৯২২ চনৰ ৫ ছেপ্টেম্বৰত শিৱসাগৰ জিলাত। পিতৃ আছিল আনন্দৰাম বৰুৱা আৰু মাতৃ সাৰদা বালা দেৱী।

অসমীয়া ভাষা-সাহিত্য তথা সমাজৰ লগতে সংবাদক্ষেত্ৰ লৈ এই মহান ব্যক্তিগৰাকীৰ অৱদান আছিল অপৰিসীম। এগৰাকী প্ৰশাসনিক বিষয়া হৈও অসমীয়া জাতীয় জীৱনৰ প্ৰতি লক্ষ্য ৰাখি মনোনিৱেশ কৰিছিল সংবাদক্ষেত্ৰত।

এক বৰ্ণময় জীৱন পাৰ কৰা এই মহান ব্যক্তিগৰাকীয়ে ২০১২ চনৰ ২৫ ফেব্ৰুৱাৰীৰ দিনা জীৱন নাটৰ সামৰণি মাৰিছিল। আজি তেখেতৰ ত্ৰয়োদশ মৃত্যুবাৰ্ষিকী।

'হেমকোষপ্ৰাণ' দেৱানন্দ বৰুৱাৰ ত্ৰয়োদশ মৃত্যুবাৰ্ষিকীত সাদিন-প্ৰতিদিন গোষ্ঠী তথা হিন্দুস্তান অফছেট প্ৰাইভেট লিমিটেডৰ লগতে সমগ্ৰ অসমে জনাইছে সশ্ৰদ্ধ প্ৰণিপাত।

সাদিন প্ৰতিদিন গোষ্ঠী হেমকোষ