/asomiyapratidin/media/media_files/2025/07/29/bagh-2025-07-29-09-28-26.jpg)
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ উদ্যোগত ব্যাঘ্ৰ দিৱসৰ আয়োজন
ডিজিটেল সংবাদ, কাজিৰঙাঃ আজি আন্তৰ্জাতিক ব্যাঘ্ৰ দিৱস৷ বিশ্বত বাঘ সংৰক্ষণৰ সজাগতা সৃষ্টিৰ বাবে প্ৰতি বছৰে ২৯ জুলাই দিনটো আন্তৰ্জাতিক ব্যাঘ্ৰ দিৱস হিচাবে উদযাপন কৰি অহা হৈছে ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই দিনজোৰা কাৰ্য্যসূচীৰে আয়োজন কৰিছে ব্যাঘ্ৰ দিৱসৰ ৷
উল্লেখযোগ্য যে, উপযুক্ত সংৰক্ষণ প্ৰণালী আৰু বাঘ সংৰক্ষণ সজাগতাৰ অভাৱত এটা সময়ত বিশ্বত বাঘৰ সংখ্যা হ্ৰাস হৈ ক্ৰমে গতি কৰিছিল বিলুপ্তিৰ দিশলৈ ৷ যাৰ বাবে প্ৰাকৃতিক ভাৰসাম্য ৰক্ষাৰ ক্ষেত্ৰত সৃষ্টি হোৱা প্ৰৱল প্ৰত্যাহ্বানৰ ফলত বিশ্বজুৰি আৰম্ভ হ’ল বাঘ সংৰক্ষণৰ সজাগতা ৷ বাঘ সংৰক্ষণৰ দিশত গুৰুত্ব পূৰ্ণ ভূমিকা গ্ৰহণ কৰা বিশ্বৰ আন ৰাষ্ট্ৰ সমূহৰ ভিতৰত অন্যতম হৈছে ভাৰত ৷
আনহাতে, বাঘ সংৰক্ষণৰ ক্ষেত্ৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানেও লাভ কৰিছে বিশেষ সফলতা ৷ যাৰবাবে কাজিৰঙাক টাইগাৰ ৰিজাৰ্ভ হিচাপে ঘোষণা কৰা হৈছিল ২০০৭ চনত ৷ শেহতীয়া তথ্য মতে, কাজিৰঙাত ১০৪ টা বাঘৰ উপস্থিতিৰ প্ৰমাণ পোৱা গৈছে যদিও ৰাষ্ট্ৰীয় উদ্যানখনত প্ৰায় ১২১ টা বাঘ থকাৰ ধাৰণা কৰা হৈছে ৷ ইফালে, কাজিৰঙাৰ পৰ্যটনৰ ক্ষেত্ৰতো দেশী বিদেশী পৰ্যটকৰ অন্যতম আকৰ্ষণ হৈ পৰিছে বাঘ ৷