৪২৭ সংখ্যক তিৰোভাৱ তিথিত দামোদৰ দেৱক ৰাজ্যজুৰি স্মৰণ

আজি দামোদৰ দেৱৰ তিথি। ষোল্লশ শতিকাৰ এক শৰণ নামধৰ্মৰ অন্যতম এজন বিখ্যাত প্ৰচাৰক আছিল দামোদৰ দেৱ । ১৪৮৮ খ্ৰীষ্টাব্দত নগাঁও জিলাৰ নালচাত তেওঁৰ জন্ম হৈছিল।

author-image
Asomiya Pratidin
New Update
আজি দামোদৰ দেৱৰ  তিথি

আজি দামোদৰ দেৱৰ তিথি

ডিজিটেল ডেস্ক: আজি দামোদৰ দেৱৰ তিথি। ষোল্লশ শতিকাৰ এক শৰণ নামধৰ্মৰ অন্যতম এজন বিখ্যাত প্ৰচাৰক আছিল দামোদৰ দেৱ । ১৪৮৮ খ্ৰীষ্টাব্দত নগাঁও জিলাৰ নালচাত তেওঁৰ জন্ম হৈছিল। অসমত বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক তথা পাটবাউসী সত্ৰৰ প্ৰতিস্থাপক শ্ৰীশ্ৰী দামোদৰ দেৱৰ ৪২৭ সংখ্যক তিৰোভাৱ তিথি ৰাজ্যৰ সত্ৰ নামঘৰত পালন কৰা দেখা গৈছে। 

Advertisment

দামোদৰ দেৱৰ পিতৃ-মাতৃ  শতানন্দ আৰু সুশীলা কামৰূপৰ হাজোৰ নিৱাসী আছিল। কালক্ৰমত তেওঁলোকৰ পৰিয়াল বৰ্তমান নগাঁৱৰ নলচাত থিতাপি লৈছিল আৰু তাতেই দামোদৰ দেৱৰ জন্ম হৈছিল। বৰদোৱাত তেওঁৰ দেউতাকে শ্ৰীমন্ত শংকৰদেৱৰ লগত বন্ধুত্ব স্থাপন কৰিছিল। সেয়ে দামোদৰ নামটো শংকৰদেৱে দিয়া বুলি জনা যায়। দামোদৰদেৱে প্ৰাৰম্ভিক শিক্ষা পিতৃৰ পৰা গ্ৰহণ কৰিছিল। পিছলৈ নৱদ্বীপৰ পৰা অহা কলাপচন্দ্ৰ নামৰ এজন পণ্ডিতৰ ওচৰত শিক্ষা গ্ৰহণ কৰে। অতি কম সময়তে পাণ্ডিত্য অৰ্জন কৰি তেওঁ বুদ্ধিমত্তা পৰিচয় দিছিল। 

সেইসময়ৰ আহোম ৰজা স্বৰ্গদেউ চুহুংমুঙে শংকৰদেৱৰ জোৱাই হৰিদেৱক শিৰচ্চেদ কৰাত শংকৰদেৱে বৰদোৱা ত্যাগ কৰাৰ সময়তে দামোদৰদেৱেও বৰদোৱা ত্যাগ কৰি হাজো লৈ আহি বসবাস কৰাৰ পিছত তাৰ পৰা তেওঁ পাট বাউসীলৈ আহে। তাতে তেওঁ সত্ৰ পাতি বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰে। দামোদৰ দেৱ আৰু শংকৰদেৱৰ মিলন হয় বৰপেটাৰ বাউসী পৰগনাত। হাজোৰ পৰা গৈ বৰপেটাৰ বাউসীত প্ৰথম সত্ৰ স্থাপন কৰি বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰি থকা সময়তে বৰপেটাত থকা শংকৰদেৱৰ লগত দামোদৰ দেৱৰ পুনৰ মিলন হৈছিল। পৰৱৰ্তী সময়ত দামোদৰদেৱ ৰাজৰোষত পৰিছিল, যাৰবাবে তেওঁ ৰাজ্য ত্যাগ কৰি পশ্চিমবংগৰ কোচবিহাৰলৈ যায় আৰু তাতে বৈকুণ্ঠপুৰ সত্ৰ পাতি সমাজ সংগঠনৰ কাম কৰে।

দামোদৰ দেৱৰ প্ৰেৰণাতে ভট্টদেৱে "কথাগীতা","কথাভাগৱত" ৰচনা কৰা কথা জনা যায়। অসমত বৈষ্ণৱ ধৰ্মই প্ৰসাৰতা লাভ কৰাৰ ক্ষেত্ৰত দামোদৰদেৱ অৰিহণাই তেওঁৰ বুদ্ধিমত্তা,সংগঠক, বিচক্ষণতাৰ পৰিচয় দিয়ে। দামোদৰ দেৱৰ আদৰ্শ আৰু কৰ্মৰাজিৰ জৰিয়তে অসমীয়া সমাজত সমন্বয় আৰু একতা ৰক্ষা কৰি বৃহত্তৰ অসম নিৰ্মাণ কৰাৰ সহায়ক হয়। সমাজৰ দিক নিৰ্দেশনা ক্ষেত্ৰত দামোদৰ দেৱৰ অৱদানে তেওঁক আজিও স্মৰণীয় কৰি ৰাখিছে।

শ্ৰীমন্ত শংকৰদেৱ দামোদৰ দেৱ আতা