/asomiyapratidin/media/media_files/2025/08/16/new-ap-web-3-8-2025-08-16-18-18-06.jpg)
ডিজিটেল ডেস্কঃ ‘নেক্সট-জেন জি এছ টি’ৰ অধীনত কেন্দ্ৰীয় চৰকাৰে জি এছ টি স্লেব চাৰিৰ পৰা ২ লৈ হ্ৰাস কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে। জি এছ টি পৰিষদে নতুন প্ৰস্তাৱত অনুমোদন জনোৱাৰ পিছত নতুন হাৰ কাৰ্যকৰী কৰা হ’ব।
লক্ষ্যণীয় যে, চিন গুডচ (সমাজৰ বাবে ক্ষতিকাৰক)ৰ এটা বিশেষ শ্ৰেণী আছে, চৰকাৰী সূত্ৰ অনুসৰি ক্ষতিকাৰক সামগ্ৰীৰ ওপৰত ৪০ শতাংশ জি এছ টি আৰোপ কৰাৰ সম্ভাৱনা আছে।
চিগাৰেট, ধপাত, গুটকা, পান মছলা আৰু অন্যান্য ধপাতজাতীয় সামগ্ৰী ক্ষতিকাৰক সামগ্ৰীৰ শ্ৰেণীত পৰে। অৰ্থাৎ দীপাৱলীৰ পিছত এই সামগ্ৰী সমূহৰ ওপৰত আৰোপ কৰা হ’ব ৪০ শতাংশ জি এছ টি। বৰ্তমান এই ধপাতজাতীয় সামগ্ৰীসমূহৰ ওপৰত ২৮ শতাংশ জি এছ টি আৰোপ কৰা হৈছে।
এই অনুসৰি ২৫৬ টকাত পোৱা এটা চিগাৰেটৰ পেকেট ২৮০ টকাত উপলব্ধ হ’ব। একেদৰে গুটকা, পান মছলা আদি ধপাতজাতীয় সামগ্ৰীও ব্যয়বহুল হৈ পৰিব।
এই সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কয় যে, দীপাৱলীৰ পৰাই নতুন জি এছ টি ব্যৱস্থা কাৰ্যকৰী কৰিব পৰা যাব। বৰ্তমানৰ ৫, ১২, ১৮ আৰু ২৮ৰ পৰিৱৰ্তে মাত্ৰ ৫ শতাংশ আৰু ১৮ শতাংশ কৰ স্লেবহে প্ৰস্তাৱ কৰা হৈছে।
উল্লেখ কৰা প্ৰয়োজন যে, ২০২২-২৩ বিত্তীয় বৰ্ষত ধপাতজাতীয় সামগ্ৰী বিক্ৰীৰ পৰা চৰকাৰে মুঠ ৭২,৭৮৮ কোটি টকা ৰাজহ সংগ্ৰহ কৰিছিল ।