জন্মদিনৰ পাৰ্টিত কিশোৰীক দলবদ্ধ বলাৎকাৰ কৰি হত্যা, গ্ৰেপ্তাৰ তৃণমূল কংগ্ৰেছৰ…

জন্মদিনৰ পাৰ্টিত কিশোৰীক দলবদ্ধ বলাৎকাৰ কৰি হত্যা, গ্ৰেপ্তাৰ তৃণমূল কংগ্ৰেছৰ…

author-image
asomiyapratidin
New Update
কলহী নদীত সন্ধানহীন বকোৰ তিনি শ্ৰমিক…

ডিজিটেল ডেস্ক: দেশত প্ৰতিদিনেই সংঘটিত হয় অপৰাধজনিত ঘটনা। ইয়াৰ মাজতে পশ্চিম বংগৰ পৰা এক জঘন্য ঘটনা পোহৰলৈ আহিছে। ১০ এপ্ৰিলত পোহৰলৈ আহে ১৪ বছৰীয়া কিশোৰীক দলবদ্ধ বলাৎকাৰ কৰি হত্যা কৰাৰ ঘটনা।

Advertisment

পশ্চিম বংগৰ তৃণমূল কংগ্ৰেছৰ এগৰাকী নেতাৰ পুত্ৰৰ জন্মদিনৰ পাৰ্টিত এগৰাকী কিশোৰীক দলবদ্ধ বলাৎকাৰ কৰি হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে।পশ্চিম বংগৰ নদীয়াৰ এগৰাকী তৃণমূল কংগ্ৰেছৰ পঞ্চায়ত সদস্যৰ পুত্ৰৰ জন্মদিনৰ পাৰ্টিত এই ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে।

এই ঘটনা সন্দৰ্ভত সমৰ গোৱালাৰ পুত্ৰ ব্ৰজগোপাল গোৱালা(২১)ক আৰক্ষীয়ে গ্ৰেপ্তাৰ  কৰিছে।

উল্লেখ্য যে, ঘটনা সংঘটিত হোৱাৰ প্ৰায় ৭ দিন পাছত গোচৰ ৰুজু হয়। আৰক্ষীয়ে জনোৱা অনুসৰি হত্যাৰ পাছত জ্বলাই দিয়া হৈছিল কিশোৰী গৰাকীৰ মৃতদেহ।

উল্লেখ্য যে, ৪ এপ্ৰিলত কিশোৰী গৰাকীক জন্মদিনৰ পাৰ্টিৰ বাবে আমন্ত্ৰণ জনোৱা হৈছিল কিশোৰী গৰাকীক। আৰু সেইদিনাই সংঘটিত হয় এই ঘটনা।

আৰু পঢ়ক: পাকিস্তানৰ নতুন প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ…

murder west bengal rape