ডিজিটেল ডেস্ক : মঙলবাৰে আহ্বান জনোৱা মধ্য অসম বন্ধ সাময়িকভাৱে স্থগিত ৰাখিছে তিৱা যুৱ ছাত্ৰ পৰিষদে। সোমবাৰে এখন সংবাদমেলৰ আয়োজন কৰি তিৱা যুৱ ছাত্ৰ পৰিষদে মধ্য অসম বন্ধ সাময়িকভাৱে স্থগিত ৰখাৰ কথা জানিবলৈ দিয়ে।
উল্লেখ্য যে মধ্য অসমৰ তিৱা জনগোষ্ঠীৰ কেইবাটাও সমস্যা সমাধানৰ দাবীত সদৌ তিৱা ছাত্ৰ সন্থাৰ চেনিৰাম মালোঙৰ নেতৃত্বত তিৱা যুৱ ছাত্ৰ পৰিষদ, সদৌ তিৱা সুৰক্ষা সমিতি, তিৱা মহিলা পৰিষদে ধৰি পাঁচটা তিৱা জাতীয় সংগঠনে কাইলৈ পুৱা ৫ বজাৰ পৰা ১২ ঘণ্টীয়া মধ্য অসম বন্ধৰ আহ্বান দিছিল।
আজি তিৱা যুৱ ছাত্ৰ পৰিষদৰ নেতা কৃষ্ণ কোঁৱৰে সংবাদমেলত কয় যে সদৌ তিৱা ছাত্ৰ সন্থাৰ চেনিৰাম মালোঙৰ নেতৃত্বত তিৱা যুৱ ছাত্ৰ পৰিষদ, সদৌ তিৱা সুৰক্ষা সমিতি, তিৱা মহিলা পৰিষদৰ যৌথ উদ্যোগত কেইবাটাও দাবীৰ সমৰ্থনত কাইলৈ মধ্য অসম বন্ধৰ সিদ্ধান্ত লোৱা হৈছিল। কিন্তু বিশেষ কাৰণত তিৱা যুৱ ছাত্ৰ পৰিষদৰ জৰুৰী সভা আহ্বান কৰি কাইলৈৰ বন্ধটো আমি সাময়িকভাৱে স্থগিত ৰাখিছো। এয়া তিৱা যুৱ ছাত্ৰ পৰিষদৰ নিজাববীয়া সিদ্ধান্ত বুলি সংবাদমেলত সদৰী কৰে তিৱা যুৱ ছাত্ৰ পৰিষদৰ নেতা কৃষ্ণ কোঁৱৰে।
ইপিনে, এই সন্দৰ্ভত সদৌ তিৱা ছাত্ৰ সন্থাৰ সম্পাদক প্ৰশান্ত মছৰঙে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে সদৌ তিৱা ছাত্ৰ সন্থাৰ আন্দোলনৰ কাৰ্যসূচী অব্যাহত আছে আৰু আন্দোলনৰ কাৰ্যসূচী ইতিমধ্যে আমি ঘোষণা কৰি থৈছো। কিন্তু আমি সদৌ তিৱা ছাত্ৰ সন্থাই আমি কোনো বন্ধ ঘোষণা কৰা নাই।
এচাম ধুৰন্ধৰ প্ৰকৃতিৰ তিনি-চাৰিজন যুৱকে লগ হৈ তিৱা ছাত্ৰ সন্থাৰ নাম কলংকিত, তিৱা জাতিৰ নাম কলংকিত কৰিছে, তিৱা জাতিৰ লোকে তেওঁলোকক কেতিয়াও ক্ষমা নকৰে। কাইলৈ সদৌ তিৱা ছাত্ৰ সন্থাই বন্ধৰ দৰে চৰম পন্থা ঘোষণা কৰা নাই বুলি স্পষ্ট কৰি দিয়ে ছাত্ৰনেতাজনে।
সদৌ তিৱা ছাত্ৰ সন্থাই তিৱা জাতিক লৈ হেতালি নেখেলিবলৈ তিৱা যুৱ ছাত্ৰ পৰিষদক সকীয়াই দিয়াৰ লগতে তিৱা জাতিক লৈ কৰা ভেঙুচালি সদৌ তিৱা ছাত্ৰ সন্থাই কেতিয়াও সহ্য নকৰে বুলি কয়। আগন্তুক দিনত ইয়াৰ প্ৰত্যুত্তৰ সেইসকল দুষ্ট প্ৰকৃতিৰ লোকক তিৱা জাতিৰ ৰাইজে দিব বুলি সদৌ তিৱা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকজনে মন্তব্য কৰে।
সদৌ তিৱা ছাত্ৰ সন্থাৰ নাম লৈ চেনিৰাম মালোঙে এনেধৰণৰ কাৰ্যকলাপ কৰাত সদৌ তিৱা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক প্ৰশান্ত মছৰঙে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে আৰু আগলৈ এনেধৰণৰ কাৰ্যকলাপৰ পৰা তেওঁক বিৰত থাকিবলৈ সকীয়াই দিয়ে।