/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/a813a510-0abc-4c51-9de5-16261a4d6f9e/JONGAL_BOLOHU.jpg)
আজি জোঙাল বলহুৰ স্মৃতি দিৱসঃ মুখ্যমন্ত্ৰীয়ে ভূমি পূজন কৰিব পৰ্যটন ক্ষেত্ৰৰ...
ডিজিটেল ডেস্কঃ আজি তিৱা বীৰ জোঙাল বলহুৰ স্মৃতি দিৱস। এই স্মৃতি দিৱসৰ লগত সংগতি ৰাখি ঐতিহাসিক জোঙাল বলহু গড়ত অনুষ্ঠিত কৰা হৈছে বিশেষ স্মৃতি দিৱস।
এই স্মৃতি দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেইবাজনো মন্ত্ৰী আৰু বিধায়ক। উল্লেখ্য যে ইতিমপূৰ্বে ৰাজ্যিক কেবিনেটে জোঙাল বলহুৰ স্মৃতি ৰক্ষাৰ বাবে ৫০ কোটি টকা ঘোষণা কৰিছিল।
সেই অনুসৰি আজি মুখ্যমন্ত্ৰী ড০ শৰ্মাই জোঙাল বলহু গড়ত বীৰগৰাকীৰ স্মৃতি সংৰক্ষণৰ বাবে নিৰ্মাণ কৰিবলগীয়া পৰ্যটন ক্ষেত্ৰৰ ভূমি পূজন আৰু আধাৰশিলা স্থাপন কৰিব।
ক্লিক কৰি পঢ়কঃ ঢকুৱাখনাত পথ দুৰ্ঘটনাত প্ৰবীণ শিক্ষাবিদৰ অকাল বিয়োগ...