Advertisment

হৰছিং খলাৰক তিৱা সাহিত্য সভাৰ সভাপতি নিৰ্বাচিত

দেওবাৰে নগাঁও জিলাৰ আমচৈ উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত সভাপতি নিৰ্বাচন সভাত বিশিষ্ট তিৱা সাহিত্যিক তথা সাহিত্য অকাডেমি ভাষা সন্মান বঁটা প্ৰাপক হৰছিং খলাৰক সভাপতি হিচাপে নিৰ্বাচিত কৰা হয়।

author-image
Asomiya Pratidin
New Update
D

ডিজিটেল সংবাদ,হাওৰাঘাট :  তিৱা মাথনলাই তখ্ৰা ( তিৱা সাহিত্য সভা) ৰ আগন্তুক ২০২৫-২৮ বৰ্ষৰ কাৰ্যকালৰ বাবে নিৰ্বাচিত হৈছে নতুন সভাপতি। তখ্ৰাৰ সংবিধান অনুযায়ী সাধাৰণ অধিৱেশনৰ পূৰ্বে সভাপতি নিৰ্বচনৰ নিয়ম। গতিকে দেওবাৰে নগাঁও জিলাৰ আমচৈ উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত সভাপতি নিৰ্বাচন সভাত বিশিষ্ট তিৱা সাহিত্যিক তথা সাহিত্য অকাডেমি ভাষা সন্মান বঁটা প্ৰাপক হৰছিং খলাৰক সভাপতি হিচাপে নিৰ্বাচিত কৰা হয়।

Advertisment

তিৱা মাথনলাই তখ্ৰাৰ ৮ খন জিলা সমিতি আৰু মেঘালয় ৰাজ্যিক সমিতিৰ অন্তৰ্গত বিভিন্ন শাখা সমিতি সমূহৰ পৰা অংশগ্ৰহণ কৰা প্ৰতিনিধি সকলৰ উপস্থিতিত গঠিত পেনেল সমিতিয়ে হৰছিং খলাৰক আগন্তুক ২০২৫-২৮ বৰ্ষৰ বাবে সভাপতি হিচাপে নিৰ্বাচিত কৰে। অহা ২১,২২,২৩ মাৰ্চত মৰিগাঁও জিলাৰ ঔজাৰীত অনুষ্ঠিত হ'বলগীয়া ১৩ সংখ্যক কেন্দ্ৰীয় সাধাৰণ অধিৱেশনত খলাৰে দায়িত্ব গ্ৰহণ কৰিব।

তখ্ৰাৰ সাধাৰণ সম্পাদক ড° বিদ্যুৎ বিকাশ সেনাপতিয়ে আঁত ধৰা আৰু সভাপতি দ্বীপেন্দ্ৰ নাথ বৰদলৈৰ সভাপতিত্ব অনুষ্ঠিত হোৱা সভাখনত সভাপতিত্ব কৰা তিৱা মাথনলাই তখ্ৰাৰ প্ৰাক্তন সভাপতি মহেশ্বৰ পাতৰ, লালচিং মাদাৰকে প্ৰমুখ্যে কৰি অন্যান্য অতিথিসকল উপস্থিত থাকে। নৱনিৰ্বাচিত খলাৰ পশ্চিম কাৰ্বি আংলং জিলাৰ চিকদামাখাৰ বাসিন্দা।

কৰ্মসূত্ৰে গড়কাপ্তানী বিভাগত কৰ্মৰত হোৱাৰ লগতে তিৱা সাহিত্য জগতত তেওঁৰ আছে বলিষ্ঠ অৱদান। যাৰ বাবে তেখেতে বিগত সময়ত সাহিত্য অকাডেমি ভাষা সন্মান বঁটা লাভ কৰিছে। নতুন সভাপতি খলাৰ কাৰ্বি আংলং জিলা তখ্ৰাৰ সভাপতিৰ দায়িত্বতো আছিল। বৰ্তমানৰ সভাপতি দ্বীপেন্দ্ৰ নাথ বৰদলৈয়ে নতুন সভাপতি খলাৰক শুভেচ্ছা জ্ঞাপন কৰিছে ।

হৰছিং খলাৰ