/asomiyapratidin/media/media_files/2025/01/15/o08F5w72exjM2NEPi6LV.jpg)
বাৰপূজীয়াত তিৱা পিচু উদযাপন
ডিজিটেল সংবাদ, বেবেজীয়া : পহিলা মাঘৰ দিনটোত ইতিহাসপ্ৰসিদ্ধ বাৰপূজীয়াৰ ৪২ ৰ ছহিদ হেমৰাম পাটৰ ক্ষেত্ৰত বাৰপূজীয়া তিৱা ভাষা -সংস্কৃতি চৰ্চা সমিতিৰ সৌজন্যত দ্বাবিংশ বাৰ্ষিক তিৱা পিচু উৎসৱটি উলহ মালহেৰে অনুষ্ঠিত হয়। এই উপলক্ষে পুৱা তিৱা ভাষা কৃষ্টি চৰ্চা কেন্দ্ৰৰ পতাকা উত্তোলন কৰে কেন্দ্ৰৰ কাৰ্যকৰী সভাপতি দুলেন চন্দ্ৰ দেউৰীয়ে।
পতাকা উত্তোলনস্থলীত তিৱা জাতীয় সঙ্গীত পৰিবেশন কৰে তিৱা ভাষা কৃষ্টি চৰ্চা কেন্দ্ৰৰ প্ৰশিক্ষাৰ্থীসকলে। স্মৃতি তৰ্পণ অনুষ্ঠান মুকলি কৰে ফাইন ডেকাৰজাই। মূল তোৰণ মুকলি কৰে ইন্দ্ৰাণী বৰদলৈয়ে।
ইয়াৰ পাছতে ১১-০০ বজাত তিৱা পিচু উদ্বোধন কৰে মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে। উদ্বোধনী ভাষণত তেওঁ কয় যে, যি জাতিৰ কোনো ভাষা -সংস্কৃতি নাথাকে সেই জাতিৰ কেতিয়াও উন্নতি হ'ব নোৱাৰে। তেওঁ লগতে তিৱা ৰজা জোঙালবলহুকে ধৰি তিৱা বীৰ পুৰুষসকলৰ অসমভূমিলৈ আগবঢ়োৱা মহান অৱদানক শ্ৰদ্ধাৰে আলোকপাত কৰে।
/asomiyapratidin/media/media_files/2025/01/15/20qTejsZ8YpOdhQwl7dh.jpg)
ইয়াৰ পিছতে বাৰেৰহণীয়া তিৱা লোকনৃ্ত্য বাদ্য অনুষ্ঠান অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানত দমাল তিৱা কৃষ্টি দল, দৰঙী গাঁও তিৱা কৃষ্টি দল, চাবুকধৰা তিৱা কৃষ্টি দল, এনাজৰী তিৱা কৃষ্টি দল, মনালিচা তিৱা কৃষ্টি দল, ৰিংচাং তিৱা কৃষ্টি দল, অমৰাৱতী তিৱা কৃষ্টি দল, চতাবৰী তিৱা কৃষ্টি দল, বৰাগাঁও তিৱা কৃষ্টি দল, বাংথাই তিৱা কৃষ্টি দলে কেতবোৰ নৃত্য প্ৰদৰ্শন কৰে। ইয়াৰ ভিতৰত খাংচি মিচাৱা (কাঁহী নৃত্য), খৰলা পিচু(গাভৰু বিহু), নখা মিচাৱা(বৰষুণ মতা নৃত্য), লাংখুন মিচাৱা (বাঁহ নৃত্য, মাই ফাদালা মিচাৱা (ধান চপোৱা নৃত্য), বৰত নৃত্য, বাৰ লাংখুই মিচাৱা(১২ খন তৰোৱাল নৃত্য), মাই বাবা মিচাৱা (ধান কটা নৃত্য) আৰু ঢোলবাদনেৰে সমগ্ৰ বাৰপূজীয়া অঞ্চল উজলি উঠে।
/asomiyapratidin/media/media_files/2025/01/15/kSJUjkxk42oO2a30nHJz.jpg)
ড০ বিদ্যুৎ বিকাশ সেনাপতি আৰু ৰহিন বাংথায়ে আঁত ধৰা অনুষ্ঠানটিত তিৱা স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী বিষয়া জীৱন কোঁৱৰ, তিৱা মাথনলাই তখ্ৰাৰ উপ-সভাপতি শৰৎ পাটৰ, বাৰপূজীয়া জিলা পৰিষদৰ সদস্য যতীন দাস, তিৱা স্বায়ত্ব পৰিষদৰ সদস্য কমল বৰদলৈ, জ্যেষ্ঠ সাংবাদিক দেৱজিৎ হাজৰিকা, বীৰেণ লালুংকে ধৰি তিৱা সংগঠন বিভিন্ন গণ্য মান্য ব্যক্তি উপস্থিত থাকে। উল্লেখ্য যে, তিৱা পিচু উৎসৱ উপলক্ষে আজি শিশুৰ পৰা আবাল বৃদ্ধ বণিতালৈকে তিৱা পৰম্পৰাগত সাজ পৰিধান কৰি কৰা নৃত্য গীত-মাতে জিলিকাই তোলে ছহিদ হেমৰাম পাটৰ সোৱৰণী ক্ষেত্ৰ।