/asomiyapratidin/media/media_files/2026/01/21/1-2026-01-21-11-16-51.jpg)
ডিজিটেল ডেস্কঃ আজি অসমৰ অন্যতম জনগোষ্ঠী তিৱা লোকসকলে মাঘ বিহু উদযাপন কৰিছে। মধ্য অসমৰ তিৱা সকলে পৰম্পৰাগতভাৱে মাঘ মাহৰ প্ৰথমটো মংগলবাৰে উৰুকা আৰু আজি মাঘ বিহু পালন কৰে। আজি পুৱাৰ পৰা তিৱা সকলৰ ভোগৰ উৎসৱ ভোগালী বিহু দিনা হাঁহে-মাহে পৰিয়ালৰ সৈতে এসাঁজ খোৱাৰ উদ্যেশ্যৰে নগাঁৱৰ অন্যতম তিৱা জনগোষ্ঠীৰ কেন্দ্রস্থল কঠীয়াতলিৰ অঞ্চলৰ তিৱা সকলৰ মাজত চলিছে ব্যাপক আয়োজন।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/21/whatsapp-image-20-2026-01-21-11-16-09.jpeg)
মংগলবাৰৰ উৰুকাৰ দিনা কঠীয়াতলি বুকলুঙ বিলত পৰম্পৰা অনুযায়ী মধ্যে অসমৰ নগাঁও জিলাৰ কঠীয়াতলী অঞ্চলৰ শ শ ৰাইজ লগ হৈ একেলগে মস্য চিকাৰ কৰে। ব্যতিক্ৰম নহ'ল এইবাৰো। উৰুকাৰ দিনাখন ঢোলে ডগৰে নাচি বাগি মাংগলিক কাৰ্যসূচীৰ মাজেৰে মেজিৰ তলত আয়োজন কৰে ভোজ -ভাতৰ । নিশাটো গাঁৱৰ লোকসকলে আনন্দ ফূৰ্তি মাজৰে মেজিৰ ঘৰতে পাৰ কৰে। আজি পুৱাই পৰম্পৰা অনুসৰি জলদেৱতা,স্থল দেৱতাক পূজা অৰ্চনা কৰি মাংগলিক কাৰ্যৰ মাজৰে মেজিত অগ্নি সংযোগ কৰি গাঁওবাসীয়ে বছৰটোৰ বাবে নেদেখাজনৰ ওচৰত আৰ্শীবাদ বিচাৰে।
/asomiyapratidin/media/post_attachments/b8cce9db-e6a.png)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us