তিতাবৰত শিশুৰ গণিতৰ শিক্ষাৰ বাবে মুকলি কৰা হ'ল এছ.আই. পি এবেকাচ শিক্ষা প্ৰতিষ্ঠান

শিশুক গণিতৰ প্ৰতি আকৰ্ষিত, মনোযোগ বৃদ্ধি, মগজুৰ বিকাশ আৰু মানসিক শক্তি বৃদ্ধি কৰাৰ লক্ষ্যৰে সোমবাৰে তিতাবৰত মুকলি কৰা হয় এছ.আই. পি এবেকাচ শিক্ষা প্ৰতিষ্ঠান।

author-image
Asomiya Pratidin
New Update
তিতাবৰত শিশুৰ গণিতৰ শিক্ষাৰ বাবে মুকলি কৰা হ'ল এছ.আই. পি এবেকাচ শিক্ষা প্ৰতিষ্ঠান

ডিজিটেল সংবাদ বেকাজানঃ শিশুক গণিতৰ প্ৰতি আকৰ্ষিত কৰা তথা মনোযোগ বৃদ্ধি কৰা, মগজুৰ বিকাশ আৰু মানসিক শক্তি বৃদ্ধি কৰাৰ লক্ষ্যৰে সোমবাৰে তিতাবৰ মহকুমা অসামৰিক চিকিৎসালয়ৰ সমীপত মুকলি কৰা হয় এছ.আই. পি এবেকাচ শিক্ষা প্ৰতিষ্ঠান। প্ৰতিষ্ঠানটোৰ শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকে এছ. আই. পি এবেকাচৰ ৰাজ্যিকৰ মুৰব্বী তৰুণাভ দত্ত, এৰিয়া হেড প্ৰদ্যুত ব্ৰহ্ম আৰু অৰিন্দম চক্ৰৱৰ্তী। 

ভাষণত তৰণাভ দত্তই শিশুক গণিতৰ প্ৰতি আকৰ্ষিত কৰা তথা মনোযোগ বৃদ্ধি কৰা, শিশুসকলৰ মগজুৰ বিকাশ কৰা, মানসিক শক্তি বৃদ্ধি আৰু প্ৰচুৰ আত্মবিশ্বাস নির্মাণৰ কৌশল ইত্যাদি বিষয় সামৰি তিতাবৰত এবেকাচ শিক্ষা কেন্দ্ৰই শিশুসকলক যথেষ্ট উপকৃত হোৱাৰ কথা উল্লেখ কৰে। এই অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাক যোৰহাটৰ এছ. আই. পি এবেকাচৰ এল.চি.এল. নাগমা অঞ্জুম আহমেদ, তিতাবৰৰ এছ. আই. পি এবেকাচৰ এল.চি.এল চিম্পি কলিতা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যোৰহাট জিলাৰ সভাপতি অসীমজ্যোতি শইকীয়া, উপ-সভাপতি ৰাতুল হাজৰিকা, তিতাবৰ আঞ্চলিক সমিতিৰ সভাপতি বিৰাজ কলিতা আৰু সম্পাদক অঞ্জনজ্যোতি শইকীয়া । 

প্ৰতিষ্ঠানটিৰ শুভাৰম্ভ অনুষ্ঠানৰ লগত সংগতি ৰাখি তিতাবৰ নন্দনাথ শইকীয়া মহাবিদ্যালয়ত এবেকাচ শিক্ষা প্ৰতিষ্ঠানৰ উদ্যোগত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত চিত্ৰাংকণ প্ৰতিযোগিতা অনুষ্ঠিত কৰে। প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে কেইবাশতাধিক ছাত্ৰ-ছাত্ৰীয়ে।

তিতাবৰ