তিতাবৰ মহকুমা অসামৰিক চিকিৎসালয়ত ৰোগীৰ পৰা ধন লোৱা অভিযোগ

উত্তপ্ত পৰিস্থিতি সৃষ্টি হোৱাত ওভতাই দিলে ধন

author-image
Asomiya Pratidin
New Update
তিতাবৰ মহকুমা অসামৰিক চিকিৎসালয়ত ৰোগীৰ পৰা ধন লোৱা অভিযোগ

ডিজিটেল সংবাদ,বেকাজানঃ মুখ্যমন্ত্ৰীয়ে চৰকাৰী চিকিৎসালয়ত দুখীয়াৰ বাবে বিনামূলীয়া চিকিৎসা প্ৰদান কৰা বুলি ঘোষণা কৰিলেও তিতাবৰ মহকুমাৰ অসামৰিক চিকিৎসালয়ৰ ৰোগীৰ পৰা হাস্পতাল কৰ্তৃপক্ষই ধন লোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে।

Advertisment

অভিযোগ অনুসৰি তিতাবৰ মেলামাটিৰ জনৈক বেগম উপাধিৰ এগৰাকী প্ৰসূতিক ছয়দিনৰ পূৰ্বে তিতাবৰ অসামৰিক চিকিৎসালয়ত সন্তান প্ৰসৱৰ বাবে ভৰ্তি কৰাইছিল। কিন্তু বিতৰ্কই লগ নেৰা তিতাবৰ মহকুমা অসামৰিক চিকিৎসালয়ৰ চিকিৎসা কৰ্মীয়ে সন্তান প্ৰসৱৰ অস্ত্ৰোপচাৰ কৰাৰ নামত ৫ হাজাৰ টকা বিচাৰে। প্ৰসূতি পৰিয়ালে চিকিৎসকজনে পাঁচ হাজাৰ নিদিয়ালৈকে অস্ত্ৰোপচাৰ কক্ষৰ পৰা নৱজাতক আৰু মাতৃক মুকলি কৰি দিবলৈ অস্বীকাৰ কৰে।

ফলত বিগত কেইবাদিনো প্ৰসূতি গৰাকী চিকিৎসালয় থাকি অৱশেষত ভুক্তভোগী পৰিয়ালে ধন দিবলৈ বাধ্য হয়। আৰু এই ঘটনাকলৈ আজি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ফলত প্ৰসুতি বিভাগৰ চিকিৎসক ৰাহী দত্তই পুনৰ ৰোগীৰ পৰিয়ালক দুহেজাৰ টকা ঘূৰাই দিবলৈ বাধ্য হয় বুলি ৰোগীৰ পৰিয়ালে অৱগত কৰিছে ‌। কেৱল এয়াই নহয় চিকিৎসা কৰ্মীসকলে সন্তান জন্মৰ বাবে চাহ খাবলৈ অতিৰিক্ত আৰু ৭০০ টকা লয়।

উল্লেখযোগ্য যে তিতাবৰ অসামৰিক চিকিৎসালয়ত দীৰ্ঘদিনৰ পৰাই প্ৰসূতি চিকিৎসক ৰাহী দত্তৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ অভিযোগ উত্থাপিত হৈ আহিছে । চিকিৎসক ৰাহী দত্তই যিখন লেবটৰীত ৰোগীৰ বিভিন্ন পৰীক্ষা কৰিবলৈ পঠাই সেইখন লেবটৰীত যদি পৰীক্ষা নকৰি অন্য লেবটৰীত পৰীক্ষা কৰাই তেনে ৰোগীৰ কোনো ধৰণৰ ৰিপোৰ্ট নাচায় ।

এই গৰাকী টকা খঁকুৱা চিকিৎসক ৰাহী দত্তই মহান মানৱ সেৱাক ভেঙুচালি কৰি চিকিৎসাৰ নামত ৰোগীক লুণ্ঠন চলোৱাক তিতাবৰত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। চিকিৎসালয়খনৰ অধীক্ষক গৰাকীৰ অজ্ঞাতে দুখীয়া ৰোগীক শোষণ কৰা এই গৰাকী টকা লোভীয়া প্ৰসূতি বিভাগৰ চিকিৎসক ৰাহী দত্তক কোনে এতিয়া নাকি লগাব কোনে ?

titabor hospital