বিজেপি হ'লেহে পায় অৰুণোদয় আঁচনিৰ সুবিধা! তিতাবৰত মহিলাৰ উত্তাল প্ৰতিবাদ...

তিতাবৰৰ ৮৭ নং মাধপুৰ পঞ্চায়তত  অৰুণোদয় আঁচনিৰ নতুনকৈ হিতাধিকাৰীৰ নিৰ্বাচনত দুখীয়া যোগ্য লোকক বঞ্চিত কৰি নাম যধে - মধে  কৰ্তন কৰাক লৈ আজি পঞ্চায়ত কাৰ্যালয়ত শ শ মহিলাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

author-image
Asomiya Pratidin
New Update
vdfvfscbfcb

ডিজিটেল সংবাদ বেকাজানঃ তিতাবৰৰ ৮৭ নং মাধপুৰ পঞ্চায়তত  অৰুণোদয় আঁচনিৰ নতুনকৈ হিতাধিকাৰীৰ নিৰ্বাচনত দুখীয়া যোগ্য লোকক বঞ্চিত কৰি নাম যধে - মধে  কৰ্তন কৰাক লৈ আজি পঞ্চায়ত কাৰ্যালয়ত শ শ মহিলাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

বঞ্চিত মহিলাসকলে অভিযোগ কৰামতে মাধপুৰ পঞ্চায়তৰ নোমল গগৈ নামৰ বিজেপিৰ নেতাজনে  পূৰ্বৰ পৰা অৰুণোদয় আঁচনি ধন লাভ কৰি থকা দুখীয়া মহিলাৰ কৰ্তন কৰিছে। নাম কৰ্তন কৰা মহিলাসকলে কয় যে পূৰ্বে আমি নিয়মীয়াকৈ অৰুণোদয় আঁচনিৰ ধন লাভ কৰি আছিলো কিন্তু বৰ্তমান বিজেপি নোহোৱাৰ বাবে আমাৰ নাম কাটি দিছে। আনহাতে অৰণোদয় হিতাধিকাৰীৰ নিৰ্বাচন কৰা নেতাসকলে বিজেপিৰ সদস্য হলেহে অৰুণোদয় লাভ কৰিব বুলি জনাইছে ।

উল্লেখযোগ্য যে মাধপুৰ পঞ্চায়তত  উঠি ৰজা-বহি ৰজা হোৱা একাংশ বিজেপি পালিনেতাই এতিয়া অবিবাহিত, বিধবা ,   শাৰীৰিকভাৱে বিশেষ সক্ষম আৰু দুখীয়া মহিলাসকলক বঞ্চিত কৰি  চাৰিচকীয়া বাহন , আৰ চি চি ঘৰ আৰু চাকৰি থকা লোকৰ পত্নীকো অৰণোদয় আঁচনিৰ বাবে নিৰ্বাচন কৰাক ক্ষোভ ফাটি পৰিছে।চৰকাৰী আঁচনিক এনেদৰে বিজেপিৰকৰণ  কৰা কাৰ্য প্ৰতিবাদ জনাই মহিলাসকলে কৈছে  সমাগত পঞ্চায়ত নিৰ্বাচনত  উচিত সিদ্ধান্ত লব। পঞ্চায়তখন চলি থকা অনিয়মত ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক দাবী জনাইছে।

ইফালে তিতাবৰৰ  ৬৬ নং পূব ঠেঙ্গাল পঞ্চায়তৰ আৱৰীয়া গাঁৱৰতো আৰণোদয় আঁচনিৰ হিতাধিকাৰীৰ নিৰ্বাচনক লৈ উত্তপ্ত পৰিস্থিতি সৃষ্টি হয়। জানিব পৰামতে দীপিকা কছাৰী নামৰ বিজেপি নেত্ৰী গৰাকীয়ে বহু যোগ্য মহিলাৰ নাম কৰ্তন কৰি টেণ্ট হাউচ, চাৰিচকীয়া গাড়ী  আৰু আৰ চি চি গৃহ থকা লোকক প্ৰদান কৰিছে ।  কেৱল এয়াই নহয় নেত্ৰী গৰাকীয়ে আঁচনি বিচাৰি যোৱা মহিলাসকলক অভৱ্য আচৰণ কৰাৰো অভিযোগ উত্থাপিত হৈছে।  

উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালৰ এগৰাকীকৈ মহিলাই অৰুণোদয় আঁচনি লাভ কৰিব বুলি ঘোষণা কৰিছিল যদিও বাস্তৱত দেখা গৈছে যে তিতাবৰৰ প্ৰায় বিলাক পঞ্চায়ত এতিয়া আঁচনিৰ ব্যাপক অনিয়ম আৰু দুৰ্নীতি সংঘটিত হৈছে। একাংশ বিজেপি নেতাই এতিয়া চৰকাৰী আঁচনি নামত স্বজন-তোষণ আৰু বিজেপিকৰণ কৰি প্ৰকৃত হিতাধিকাৰীক প্ৰাপ্যৰ বঞ্চিত কৰাৰ গুৰুত্ব অভিযোগ উঠিছে।

তিতাবৰ