তিতাবৰত নআলিৰ পেট্ৰল পাম্পত তেলৰ পৰিৱৰ্তে ওলাল পানী...

তিতাবৰত নআলিৰ পেট্ৰল পাম্পত তেলৰ পৰিৱৰ্তে ওলাল পানী...

author-image
Asomiya Pratidin
New Update
তিতাবৰত  নআলিৰ পেট্ৰল পাম্পত তেলৰ পৰিৱৰ্তে ওলাল পানী...

ডিজিটেল সংবাদ, বেকাজানঃ তিতাবৰৰ ন আলিৰ ইণ্ডিয়া অইলৰৰাজেন দত্তৰ পেট্ৰলৰ পাম্পত তেলৰ পৰিৱৰ্তে পানী ওলোৱাত পুৱাই গ্ৰাহকৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হয়। অভিযোগ অনুসৰি আজি পুৱা তিতাবৰ ন আলিত থকা ইণ্ডিয়ান অইলৰ পেট্ৰল পাম্পৰ মালিক গংগাধৰ শইকীয়া আৰু যোৰহাটৰ ৰাজেন দত্ত। লোকজনৰ তেলৰ ডিপোত বহু লোকে নিজৰ বাহনত পেট্ৰল ভৰাই কিছু দূৰ যোৱাৰ পাছতে বাহনৰ ষ্টাৰ্ট বন্ধ হৈ পৰে।

Advertisment

এনেদৰে প্ৰায় ৫০ খনৰো অধিক বাহন বিকল হৈ পৰিছে। গাড়ীসমূহৰ এনে বিসংগতি দেখি একাংশ গ্ৰাহকে গাড়ী ষ্টাৰ্ট মেকানিকৰ হতোৱাই পৰীক্ষা কৰোৱাত তেলৰ পৰাই বিসংগতি হোৱা বুলি জানিব পাৰি তেলৰ ডিপোত বটলত ভৰাই তেলৰ নমুনা পৰীক্ষা কৰাত তাত আধাত কৈ বেছি পানী মিহলি হৈ থকাৰ ভয়ংকৰ তথ্য পোহৰলৈ আহে । লগে লগে বাহনৰ গৰাকী আৰু গ্ৰাহকসকলে ডিপোটোৰ মেনেজাৰক জবাবদিহি কৰাৰ লগতে এক উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰে।

শীঘ্ৰে পেট্ৰল পাম্পটো ছীল কৰিবলৈ দল- সংগঠনৰ লগতে ভুক্তভোগী ৰাইজে দাবী জনাইছে।। ইফালে ঘটনা সন্দৰ্ভত তিতাবৰ আৰক্ষী উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে বিহিত পদক্ষেপ লোৱাৰ আশ্বাস দিয়ে। অৱশেষত পেট্ৰল পাম্পৰ কৰ্মচাৰীয়ে ইঞ্জিন বিকল হোৱা বাহনসমূহ মেৰামতি কৰি দিয়াৰ আশ্বাস প্ৰদান কৰিছে ।

ডিপোৰ মালিক ঘটনাস্থলিত গংগাধৰ শইকীয়া আৰু যোৰহাটৰ ৰাজেন দত্ত উপস্থিত নোহোৱাত বিপাঙত পৰিছে বাহনৰ চালকসকল । উল্লেখযোগ্য যে তিতাবৰ ন তিনি আলিৰ পেট্ৰল পাম্পত পূৰ্বেও পেট্ৰলৰ সলনি পানী ওলোৱা অভিযোগ আছে।

তিতাবৰ