/asomiyapratidin/media/media_files/2026/01/25/sdsddsds-2026-01-25-08-56-47.jpg)
ডিজিটেল সংবাদ, বেকাজান, ২৪জানুৱাৰীঃ অসম আৰু নাগালেণ্ডৰ ঐতিহাসিক সম্পৰ্ক আৰু সমন্বয়ৰ এনাজৰীডাল পুনৰ সুদৃঢ় কৰা উদ্দেশ্যৰ তিতাবৰৰ নগা সীমান্ত বান্দৰচলিয়াৰ জুবিন গাৰ্গ সমন্বয় ক্ষেত্ৰত তিনিদিনীয়াকৈ অনুষ্ঠিত কৰা চতুৰ্থ সংখ্যক পাদদেশীয় ৰাষ্ট্ৰীয় নাট মহোৎসৱৰ আজি সফল সামৰণি পৰে।
নাট মহোৎসৱৰ তৃতীয় দিনা বন্তি প্ৰজ্বলন কৰে উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়া গণমঞ্চৰ মণিকা বৰুৱাই । মঞ্চ উদ্বোধন কৰে উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়া গণমঞ্চৰ উপদেষ্টা নাগালেণ্ডৰ কে খেটহু শ্বুৱে। প্ৰথম নাট কৰ্দৈ শিৰিয়া পাহাৰৰ সাধু উদ্বোধন কৰে প্ৰাক্তন আলফা ঐক্য মঞ্চৰ সভাপতি ধ্ৰুৱজ্যোতি সন্দিকৈয়ে । আনহাতে পাদদেশীয় নাট মহোৎসৱৰ সৈতে সংগতি ৰাখি প্ৰকাশ কৰি উলিওৱা স্মৃতিগ্ৰন্থ 'সংলাপ 'যৌথভাৱে উন্মোচন কৰে উত্তৰ পূৰ্ব খিলঞ্জীয়া গণ মঞ্চৰ চেয়াৰ মেন তথা আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়া আৰু ধৰ্মপ্ৰাণ ব্যক্তি হেমন্ত গগৈয়ে ।
আজিৰ নাট মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে কৃষিমন্ত্ৰী অতুল বৰা তিতাবৰ সমষ্টিৰ বিধায়ক ভাস্কৰ জ্যোতি বৰুৱা , অসমীয়া প্ৰতিদিনৰ সাংবাদিক মণ্টুচ্ কোঁৱৰ, প্ৰাক্তন বিধায়ক হেমন্ত কলিতা দুৰবিনা বৰবৰুৱা , তিতাবৰ প্ৰেছ ক্লাবৰ বিমান শইকীয়া, লেখক বেনু কছাৰীকে ধৰি বহু গণ্য মান্য লোক ।
এই নাট মহোৎসৱত বিশিষ্ট লেখক ডঃ দেৱব্ৰত শৰ্মাৰ নগা বিদ্ৰোহৰ লিখা গ্ৰন্থ উন্মোচন কৰে নাগালেণ্ডৰ আকাহিটো গাওঁবাসীয়ে ইয়াৰ পিছতে গুৱাহাটীৰ সোণাপুৰৰ ডেংৰালি ক্রিয়েটর্চ হাবৰ নাট্যকাৰ বসন্ত দাস আৰু মনিমালা দাস ৰচনাৰ কৰ্দৈ শিৰিয়া পাহাৰৰ সাধু আৰু মণিপুৰৰ ইম্ফলৰ নাট্যকাৰ থাউদাম ভিক্টৰ ইছি অৰ্থাৎ চিষ্টাৰ নাটকখন মঞ্চস্থ কৰে। উল্লেখযোগ্য যে পাহাৰৰ নামনিত প্ৰকৃতিৰ বিনন্দীয়া মুকলি মঞ্চত নাট উপভোগ কৰিবলৈ পাহাৰ ভৈয়ামৰ সহস্ৰাধিক দৰ্শক ওলাই আহে। লোকেলোকাৰণ্য হৈ পৰে জুবিন গাৰ্গ সমন্বয় ক্ষেত্ৰ ।
দৰ্শকৰ এনে উৎসাহমূলক পৰিবেশ দেখি তিতাবৰৰ বান্দৰচলিয়াৰ অসম-নাগালেণ্ডৰ সহস্ৰাধিক গাঁওবাসী উৎফুল্লিত হৈ পৰে । পাহাৰৰ ভৈয়ামৰ সকলো দৰ্শকে উদং পথাৰৰ নৰাখেৰৰ মঞ্চ তথা বাঁহৰ আৰামী চকীত বহি উপভোগ কৰি কৰে ফুটহিলছ নেচনেল ড্ৰামা ফেষ্টিভেলৰ আগশাৰীৰ অপেছাদাৰী নাট্য দলৰ কলাত্মক নাটক ।
তিনিদিনীয়া এই পাদদেশীয় ৰাষ্ট্ৰীয় নাট মহোৎসৱৰ মুঠ ছখন নাটক মঞ্চস্থ কৰা হয়। আটাইতকৈ আকৰ্ষণীয় দিশ আছিল ফুটহিলছ নেচনেল ড্ৰামা ফেষ্টিভেলৰ নাটকত কোনো বাহ্যিকতা নাই । ইয়াত জীৱনৰ কথাবোৰ নাটক মাধ্যমেৰে মঞ্চস্থ কৰা হৈছে । সচাকৈ অনন্য । এই ব্যতিক্ৰমী নাট্য পৰিবেশন শৈলীক মানুহে গ্ৰহণ কৰিছে । কৃত্ৰিম মঞ্চ ব্যৱহাৰ নকৰাকৈ এই পাদদেশীয় ৰাষ্ট্ৰীয় নাট মহোৎসৱে নাটকক কলাত্মক ৰূপত সুন্দৰকৈ উপস্থাপন কৰিছে । এই নাট মহোৎসৱে নগা আৰু অসমীয়া মাজত সম্প্ৰীতি এনাজৰীডাল সুদৃঢ় কৰিব ।
ইফালে আজি ফুটহিলছ নেচনেল ড্ৰামা ফেষ্টিভেলত নাগালেণ্ডৰ ' নাগালেণ্ড ডিমাপুৰ জৌ থিয়েটাৰৰ' শিল্পী কলা-কৌশলীসকেল মঞ্চস্থ কৰে জনপ্ৰিয় নাট্যকাৰ ইউ অটো ছিছিৰ ৰচনা আৰু পৰিচালনাৰ নাট 'The Tragedy of Lunch Pack । আনহাতে মৰিয়নী গিবন কুশীলৱ নাট্য গোষ্ঠীয়ে মঞ্চস্থ কৰে গণেশ গগৈৰ ৰচনা আৰু মুনিন্দ্ৰ গগৈৰ পৰিচালনাৰ জেৰেঙাৰ সতী , গাঁৱৰ পুৰণিগুদামৰ ৰঙ্গালয়ে সাহিত্যাচাৰ্য মহিম বৰাৰ দেও লগা মাছ, নাট্যকাৰ বিনয় শইকীয়াৰ চেলফি, তিতাবৰ প্ৰাগজ্যোতিকা চিনিয়ৰ চেকেণ্ডেৰী স্কুলৰ শিল্পীসকলে দেৱজিৎ ৰাজখোৱা আকাশ চুৰৰ মন নাটক মঞ্চস্থ কৰে। নাট পৰিবেশনৰ মাজতে অসম আৰু নাগালেণ্ডৰ বহুকেইটা সাংস্কৃতিক দলে বিভিন্ন জনগোষ্ঠীয় বাৰেৰহনীয়া কলা -সংস্কৃতি প্ৰদৰ্শন কৰে ।
উল্লেখযোগ্য যে তিতাবৰ বিনয় শইকীয়া আৰু পঞ্চানন দুৱৰা, জেকিহু আছুমি, ভি ভিকহু ছিছি, মনোজ কুমাৰ বৰগোঁহাই, পাৰ্থ প্ৰতিম কছাৰী, নৰেন তাঁতী কপিল বৰুৱা আৰু পুলক কছাৰী আৰু উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়া গণ মঞ্চৰ চেয়াৰমেন অনুপ চেতিয়া তেওঁৰ সহধৰ্মী মনিষা বৰা আৰু নৰ্থ ইষ্ট ইণ্ডিজেনাছ পিপলছ ফ'ৰামৰ নাগালেণ্ডৰ উপদেষ্টা খেহটো কিহো শ্বুৰ দৰে নাটক ভালপোৱা কেইজনমান লোকৰ উদ্যোগ অসম- নাগালেণ্ড সীমান্তৰ পাদপ্ৰদেশত আয়োজন কৰা হৈছে এই পাদদেশীয় ৰাষ্ট্ৰীয় নাট মহোৎসৱ ২০২৬ ।
এই পাদদেশীয় ৰাষ্ট্ৰীয় নাট্য মহোৎসৱৰ উদ্দেশ্যে হৈছে নাটকৰ জৰিয়তে নগা আৰু অসমীয়াৰ সাংস্কৃতিক সমন্বয় গঢ়া । বিশেষকৈ নাটক যে এক প্ৰাকৃতিক পৰিবেশত কৰিব পাৰি সেই ব্যতিক্ৰমী চিন্তাৰে এই পাদদেশীয় ৰাষ্ট্ৰীয় নাট মহোৎসৱৰ জন্ম । পাদদেশীয় ৰাষ্ট্ৰীয় নাট মহোৎসৱে প্ৰমাণ কৰিছে নাটকৰ প্ৰতি ৰাইজৰ ভাল পোৱা । তিতাবৰ এই পাদদেশীয় নাট মহোৎসৱ কেৱল শিল্পৰ চৰ্চা নহয়, ই এক শান্তিৰ অভিযান।
বন্দুকৰ গুলী বা ৰাজনৈতিক আলোচনা যি কাম কৰিব পৰা নাই, তাক মুকলি আকাশৰ তলৰ এখন নাটকে সহজ কৰি তুলিছে। নাটকৰ জৰিয়তে গঢ়ি উঠা এই অসম-নাগালেণ্ডৰ সমন্বয়ৰ আৰ্হি সমগ্ৰ দেশৰ বাবে এক আদৰ্শ। পাহাৰৰ চেঁচা বতাহ আৰু ভৈয়ামৰ উষ্ম আদৰণিৰ মাজত গঢ়ি উঠা এই নাট্য-যাত্ৰাই ভৱিষ্যতে এক সুস্থ আৰু সংঘাতমুক্ত সীমান্তৰ পৰিচয় দাঙি ধৰিছে
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us