মিহিৰাম শইকীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত চোৰে চলালে চাফাই অভিযান

তিতাবৰৰ ঐতিহ্যমণ্ডিত মিহিৰাম শইকীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নিশা চোৰে চলালে চাফাই অভিযান। বিদ্যালয়ৰ চিচিটিভিৰ ডিভিআৰ, তিনিটাকৈ টেবলেট আৰু কেইবাটাও কম্পিউটাৰৰ চিপিইউ নষ্ট কৰিলে চোৰে।

author-image
Asomiya Pratidin
New Update
ccvxxsdsdadsd

ডিজিটেল সংবাদ, তিতাবৰঃ তিতাবৰৰ ঐতিহ্যমণ্ডিত মিহিৰাম শইকীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নিশা চোৰে চলালে চাফাই অভিযান। বিদ্যালয়ৰ চিচিটিভিৰ ডিভিআৰ, তিনিটাকৈ টেবলেট আৰু কেইবাটাও কম্পিউটাৰৰ চিপিইউ নষ্ট কৰিলে চোৰে। গ্ৰীষ্মকালীন বন্ধৰ সুযোগ লৈ বিদ্যালয়খনত চোৰে চলালে এই চাফাই অভিযান।

উল্লেখযোগ্য যে, বিদ্যালয়ৰ অধ্যক্ষৰ কোঠাৰ দৰ্জাৰ ভাঙি সুমাই চোৰে চলালে এই চাফাই অভিযান। বিদ্যালয়খনৰ চিচিটিভি কেমেৰাত বন্দী হল চোৰৰ চুৰিকাৰ্যৰ সমগ্ৰ দৃশ্য। ইতিমধ্যে সমগ্ৰ ঘটনাৰ সন্দৰ্ভত তিতাবৰ আৰক্ষীয়ে হৈ আৰম্ভ কৰিছে তদন্ত। পিছে দিনে নিশাই আৰক্ষীয়ে গিজগিজাই থকা নগৰখনৰ মাজমজিয়াতে সংঘটিত এই চুৰি কাণ্ডৰ পাছতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। 

চোৰ তিতাবৰ