তিতাবৰৰ যোৰহাট ডায়েটত ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ ৭ দিনীয়া বিশেষ শিবিৰৰ সফল সামৰণি...

তিতাবৰৰ যোৰহাট ডায়েটত ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ ৭ দিনীয়া বিশেষ শিবিৰৰ সফল সামৰণি...

author-image
Asomiya Pratidin
New Update
তিতাবৰৰ যোৰহাট ডায়েটত ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ ৭ দিনীয়া বিশেষ শিবিৰৰ সফল সামৰণি...

ডিজিটেল সংবাদ বেকাজানঃ তিতাবৰৰ যোৰহাট ডায়েটত ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ অধীনত অনুষ্ঠিত হোৱা ৭ দিনীয়া বিশেষ শিবিৰৰ আজি সফল সামৰণি। আজিৰ অন্তিম দিনাৰ অনুষ্ঠানত ডায়েট যোৰহাটৰ এন এছ এছৰ স্বেচ্ছাসেৱক মনজিৎ চেতিয়াৰ পৰিৱেশিত জয়ন্ত হাজৰিকাৰ এটি গীতেৰে অনুষ্ঠানটোৰ আৰম্ভণি কৰা হয়। আনহাতে এন এছ এছৰ স্বেচ্ছাসেৱকসকল আৰু তাঁতী গাঁৱৰ প্ৰতিভাৱান শিশুসকলৰ এটি সমবেত গীতেৰে অনুষ্ঠানটোৰ সৌষ্ঠৱ বৃদ্ধি কৰে।

Advertisment

আনহাতে অনুষ্ঠানটিত বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকে চিনামৰা মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী তথা চিনামৰা মহাবিদ্যালয়ৰ এন এছ এছ গোটৰ আঁচনি বিষয়া পদ্মেশ্বৰ কাটনি। তেওঁ এখন সমাজত এন এছ এছৰ ভূমিকাৰ বিষয়ে আলোকপাত কৰে। লগতে শিশুসকলৰ মানসিক বিকাশৰ দিশটোও দাঙি ধৰে। ডায়েট যোৰহাটৰ শাৰিৰীক শিক্ষা বিভাগৰ প্ৰবক্তা তথা NSSৰ আঁচনি বিষয়া সুমিত কুমাৰ থাপাই শিবিৰৰ দিনকেইটাত পেলনীয়া প্লাষ্টিকৰ পৰা প্লাষ্টিকৰ ইটা (Eco Bricks )তৈয়াৰ কৰা তাঁতী গাঁৱৰ শিশুসকলৰ শলাগ লয় ।

সাতদিনীয়া শিবিৰত বিভিন্ন কাৰ্যসূচীত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰা আৰু পেলনীয়া প্লাষ্টিকৰ পৰা প্লাষ্টিকৰ ইটা (Eco Bricks) তৈয়াৰ কৰাৰ বাবে তাঁতীগাঁৱৰ শিশুসকলক প্ৰশংসা পত্ৰ প্ৰদান কৰা হয়। লগতে এন এছ এছৰ স্বেচ্ছাসেৱকসকলক তেওঁলোকৰ নিষ্ঠাপূৰ্ণ সেৱা আৰু বিশেষ শিবিৰটো সফলতাৰে সমাপন কৰাৰ বাবে তেওঁলোককো প্ৰশংসা পত্ৰ প্ৰদান কৰা হয়।

এই শিবিৰৰ সন্দৰ্ভত গাঁওবাসীয়েও কয় যে এই শিবিৰে তাঁতী গাঁৱৰ শিশুসকলক উপকৃত কৰিছে। লগতে ডায়েট যোৰহাটৰ শাৰিৰীক শিক্ষা বিভাগৰ প্ৰবক্তা তথা NSSৰ আঁচনি বিষয়া সুমিত কুমাৰ থাপাই হাতত লোৱা এই কাৰ্যসূচীৰ বাবে তেখেতৰ শলাগ লয়। শেষত ডায়েট যোৰহাটৰ প্ৰবক্তা নেত্ৰ গগৈয়ে সকলো অংশগ্ৰহণকাৰী, উপস্থিত থকা গাঁওবাসী আৰু এন এছ এছৰ প্ৰতিজন স্বেচ্ছাসেৱকলৈ কৃতজ্ঞতা জ্ঞাপন কৰি শলাগৰ শৰাই আগবঢ়ায়।

তিতাবৰ