তিতাবৰত ঠেঙ্গাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ 'জ্ঞান বিকাশ বঁটা' বিতৰণ অনুষ্ঠান

ঠেঙ্গাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী কুমুদ চন্দ্ৰ কছাৰীৰ সভাপতিত্বত তিতাবৰ ধলীৰ ঠেঙ্গাল সাংস্কৃতিক কেন্দ্ৰ আৰু সংগ্ৰাহালয়ত অনুষ্ঠিত অনুষ্ঠানত পৰিষদৰ এলেকাধীন প্ৰায় ৬২১গৰাকী ছাত্ৰ- ছাত্ৰীক এই বঁটা প্ৰদান কৰা হয় ৷

author-image
Asomiya Pratidin
New Update
ccxc

ডিজিটেল সংবাদ, বেকাজান: শুকুৰবাৰে ঠেঙ্গাল কছাৰী স্বায়ত্ত শাসিত পৰিষদে কৃৰ্তী শিক্ষাৰ্থীক 'জ্ঞান বিকাশ বঁটা' প্ৰদান অনুষ্ঠান আয়োজন কৰে। ঠেঙ্গাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী কুমুদ চন্দ্ৰ কছাৰীৰ সভাপতিত্বত তিতাবৰ ধলীৰ ঠেঙ্গাল সাংস্কৃতিক কেন্দ্ৰ আৰু সংগ্ৰাহালয়ত অনুষ্ঠিত অনুষ্ঠানত পৰিষদৰ এলেকাধীন প্ৰায় ৬২১গৰাকী ছাত্ৰ- ছাত্ৰীক এই বঁটা প্ৰদান কৰা হয় ৷

Advertisment

এই বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত হৃষিকেশ গোস্বামী গোস্বামীয়ে উল্লেখ কৰে যে, "প্ৰকৃত জ্ঞানৰ বিকাশে মানুহক বিনয়ী কৰে। যদি প্ৰকৃত জ্ঞানৰ অধিকাৰী হয় ,তেতিয়া সেই মানুহজন মহান মানুহ হয়। আৰু মহান মানুহে সমাজ নিৰ্মাণ কৰিবলৈ আগবাঢ়ে।" তেওঁ লগতে সদৰি কৰে যে, "ঠেঙ্গাল কছাৰী স্বায়ত্ত শাসিত পৰিষদে জ্ঞান বিকাশ বঁটাৰে যি প্ৰেৰণা দিছে, ই নিশ্চয়কৈ সমাজৰ নিৰ্মাণ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলক আগবঢ়াই লৈ যাব।"

উল্লেখযোগ্য যে, মেধাৱী শিক্ষাৰ্থীৰ শৈক্ষিক বিকাশৰ বাবে প্ৰতিবছৰে পৰিষদখনে পৰিষদৰ এলেকাধীন হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সফলতা অৰ্জন কৰা ছাত্ৰ- ছাত্ৰীসকলক  এই বঁটা প্ৰদান কৰি আহিছে ৷ সফলতা অৰ্জন কৰা ছাত্ৰ- ছাত্ৰীসকলক 'জ্ঞান বিকাশ বঁটা'ৰ লগত এখন ফুলাম গামোছা,প্ৰশংসা পত্ৰৰ লগতে নগদ ১০ হাজাৰ টকাকৈ  প্ৰদান কৰা হয় ৷

শুকুৰবাৰৰ এই গাম্ভীযপূৰ্ণ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট লেখক, সুবক্তা হৃষিকেশ গোস্বামী। লোক সংস্কৃতিৰ গৱেষক ডঃ যোগেশ্বৰ বৰা, পৰিষদৰ অধ্যক্ষ প্ৰতাপ কছাৰী, পাৰ্থ প্ৰতিম শইকীয়া, গোমতি দেৱী হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়ত্ৰী  প্ৰগতি নেওগ,  যোৰহাট জিলা বিজেপিৰ সভাপতি শান্তনু পূজাৰীৰ লগতে তিতাবৰৰ বহু গণ্যমান্য ব্যক্তিও এই অনুষ্ঠানত উপস্থিত থাকে৷

তিতাবৰ