পুনৰ গুলীৰ শব্দই কঁপাই তুলিলে কাকপথাৰ ! এইবাৰ আৰক্ষীৰ লক্ষ্য আছিল ড্ৰাগছ সৰবৰাহকাৰী...

author-image
Asomiya Pratidin
New Update
পুনৰ গুলীৰ শব্দই কঁপাই তুলিলে কাকপথাৰ ! এইবাৰ আৰক্ষীৰ লক্ষ্য আছিল ড্ৰাগছ সৰবৰাহকাৰী...

kakopothar

ডিজিটেল সংবাদ তিনিচুকীয়া: তিনিচুকীয়া জিলাৰ চুকে-কোণে বৰবিহসদৃশ ড্ৰাগছে চানি ধৰাৰ বিপৰীতে আৰক্ষীৰ অভিযানত ইতিমধ্যে বহু ড্ৰাগছ সৰবৰাহকাৰী জালত পৰাৰ সমান্তৰালকৈ বুজন পৰিমাণে সন্দেহজনক ড্ৰাগছ জব্দ হৈছে । জিলাখনৰ থানাই থানাই ৰুজু হৈছে বহু গোচৰ ।

Advertisment

অন্যহাতে ড্ৰাগছবিৰোধী অভিযানত আৰক্ষীৰ এনকাউন্টাৰত হতাহত হৈছে বহুজন । ইয়াৰ মাজতে আজি কাকপথাৰ অঞ্চলৰ চেঙাপথাৰত আৰক্ষীৰ এনকাউন্টাৰত নিহত হয় এক ড্ৰাগছ সৰবৰাহকাৰী ।

ইয়াকে লৈ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হোৱাৰ লগতে চেপা উত্তেজনা বিৰাজ কৰিছে কাকপথাৰত । আৰক্ষীৰ এনকাউন্টাৰত নিহত ড্ৰাগছ সৰবৰাহীটো অঞ্চলটোৰ ওবন গাঁৱৰ বিনোদ মৰাণ (৩২) বুলি জানিব পৰা গৈছে ।

জানিব পৰা মতে বিশেষ সূত্ৰৰ পম খেদি তিনিচুকীয়া আৰক্ষী আৰু স্থানীয় টঙনা আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাবলৈ যাওঁতে চেঙাপথাৰ গাঁৱৰ মাধুৰ্য গোহাঁইৰ ঘৰত আশ্রয় লৈ থকা ড্ৰাগছ সৰবৰাহকাৰী বিনোদ মৰাণে পলাবলৈ চেষ্টা চলায় ।

যাৰ বাবে আৰক্ষীয়ে তেওঁক লক্ষ্য কৰি গুলীচালনা কৰে আৰু এই গুলীত থিতাতে নিহত হয় বিনোদ মৰাণ নামৰ ড্ৰাগছ সৰবৰাহকাৰীটো । আৰক্ষীয়ে ঘৰৰ গৰাকী মাধুৰ্য গোহাঁইসহ ৰিদিপ দহোতীয়া, মিণ্টু মৰাণ নামৰ আন দুই যুৱকক আটক কৰি সোধা-পোছা অব্যাহত ৰাখিছে ।

অভিযানৰ সময়ত আৰক্ষীয়ে মাধুৰ্য গোহাঁইৰ ঘৰৰ পৰা কিছু ড্ৰাগছসহ মোবাইল ফোন, ড্ৰাগছ সেৱন কৰা সঁজুলি আদি উদ্ধাৰ কৰে । ইফালে এই এনকাউন্টাৰক লৈ মৃত বিনোদ মৰাণৰ পৰিয়ালে কাকপথাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু কাকপথাৰ থানাত এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে ।

বিনোদ মৰাণ ড্ৰাগছ সৰবৰাহৰ লগত কোনোপধ্যেই জড়িত নহয় বুলি পৰিয়ালৰ লোকে দাবী কৰি আৰক্ষীয়ে মিছা অভিযোগত বিনোদক হত্যা কৰা বুলি অভিযোগ তুলি ঘটনাৰ উচিত তদন্তৰ দাবী তুলিছে ।

assam tinsukia