/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/tinsukia-2.jpg)
ডিজিটেল সংবাদ, তিনিচুকীয়া : স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত তিনিচুকীয়া আৰক্ষীয়ে অভিযান চলাই এটা অবৈধ ডেম্পৰ পৰা বস্তাই বস্তাই খালী কাৰ্টিজৰ লগতে বুজন পৰিমাণৰ অইল ইণ্ডিয়াৰ চুৰি সামগ্ৰী জব্দ কৰে।লক্ষণীয়ভাৱে জব্দকৃত খালী কাৰ্টিজৰ মাজত জীৱন্ত কাৰ্টিজো উদ্ধাৰ কৰা হৈছে । জানিব পৰা মতে বিশেষ সূত্ৰৰ পম খেদি তিনিচুকীয়া জিলাৰ উপ আৰক্ষী অধীক্ষক হিৰণ্য বৰাই নীতি-বৰ্হিভুতভাৱে চলি থকা চহৰখনৰ নপুখুৰীস্থিত বীৰেন্দ্ৰ সাহ ওৰফে টি আইৰ ডেম্পত বৃহস্পতিবাৰে অভিযান চলাই মুঠ ১৯ বস্তা খালী কাৰ্টিজ (য'ত জীৱন্ত গুলীও আছে) আৰু বুজন পৰিমাণৰ অইলৰ চুৰি পাইপ, তাঁৰ, তাম আদি বিভিন্ন সামগ্ৰীৰ উদ্ধাৰ কৰে ।
ঘটনাক কেন্দ্ৰ কৰি চহৰখনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । আৰক্ষীয়ে আপত্তিজনক সামগ্ৰীসমূহ ঠাইতে জব্দ কৰাৰ লগতে ডেম্পৰ গৰাকী বীৰেন্দ্ৰ সাহক ভাৰতীয় দণ্ডবিধি আইনৰ কেইবাটাও ধাৰাত গ্ৰেপ্তাৰ কৰি সম্প্ৰতি তিনিচুকীয়াৰ সদৰ থানাত মাৰাথন জেৰা চলাই আছে । গোচৰৰ তদন্তকাৰী বিষয়া তথা নপুখুৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া হিতেশ হালৈয়ে জানিব দিয়া মতে, ঘটনাৰ বিপৰীতে সদৰ থানাই ৭৫২/২২ নম্বৰত এক গোচৰ ৰুজু কৰি পদকীয়া বীৰেন্দ্ৰ সাহক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে ।
তিনিচুকীয়া চহৰৰ অলিয়ে-গলিয়ে গঢ় লৈ উঠা অধিকাংশ ডেম্পৰ মালিকে চুৰি সামগ্ৰী ক্ৰয় কৰি চোৰক উৎসাহিত কৰাৰ লগতে চুৰিকাৰ্য বৃদ্ধি হোৱাত অৰিহণা যোগাই আহিছে । তদুপৰি গৰিষ্ঠসংখ্যক ডেম্পেই নীতি-বৰ্হিভূতভাৱে চলি আছে । আনহাতে বহু ডেম্পৰ পৌৰসভাৰ অনুমতি পত্ৰও নাই । ধৃত বীৰেন্দ্ৰ সাহে জানিবলৈ দিয়া মতে খালী কাৰ্টিজসমূহ তেওঁ ভাৰতীয় বায়ু সেনাৰ পৰা নিবিদাৰ যোগেদি লাভ কৰিছিল । কিন্তু সাহে এই বিষয়ত কোনোধৰণৰ নথি-পত্ৰ এইপৰ্যন্ত আৰক্ষীৰ আগত প্ৰদৰ্শন অথবা জমা দিবলৈ সক্ষম হোৱা নাই ।
বীৰেন্দ্ৰ সাহে নিবিদাৰ জৰিয়তে যদিহে কাৰ্টিজসমূহ বায়ু সেনাৰ পৰা লাভ কৰিছে সেয়াও এক ভয়ংকৰ ঘটনা হিচাপে বিবেচিত হৈছে । কিয়নো খালী কাৰ্টিজসমূহৰ লগত ভালেসংখ্যক জীৱন্ত কাৰ্টিজো উদ্ধাৰ হৈছে । অভিযানকাৰী বিষয়া উপ আৰক্ষী অধীক্ষক হিৰণ্য বৰাৰ মতে এইদৰে মজুত ৰখা জীৱন্ত কাৰ্টিজে বিস্ফোৰণ ঘটোৱাৰ সম্ভাৱনা থাকে । গুলীসমূহ ক'ৰপৰা কিদৰে সংগ্ৰহ কৰা হৈছিল অচিৰেই সেয়া তদন্তৰ জৰিয়তে পোহৰলৈ আহিব বুলি বিষয়াগৰাকীয়ে স্পষ্ট কৰি দিয়ে । স্বাধীনতা দিৱসৰ ব্যাপক আয়োজনৰ মাজৰে সন্ত্ৰাসজৰ্জৰ তিনিচুকীয়া জিলাত এইদৰে বস্তাই বস্তাই গুলী উদ্ধাৰক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ।
আৰু পঢ়ক : ওৰাঙৰ কলাগুৰু বিষ্ণু ৰাভা স্নাতক মহাবিদ্যালয়ৰ ত্ৰিৰংগা যাত্ৰা…