ঢকুৱাখনাৰ শিল্পী পেঞ্চনাৰ বৰবায়ন তিলেশ্বৰ দাসৰ বিয়োগ…

মায়ামৰা সংস্কৃতিৰ প্ৰথম গৰাকী শিল্পী পেঞ্চন প্ৰাপক মায়ামৰা লোক সংস্কৃতিৰ সাধক গৰাকীৰ বিয়োগত শ্ৰী শ্ৰী অনিৰুদ্ধ দেৱ সাংস্কৃতিক সংঘৰ সভাপতি সত্য নাথ দাস ,সম্পাদক অনন্ত দাসে গভীৰ শোক প্ৰকাশ কৰি বিদেহ আত্মাৰ চিৰ শান্তি কামনা কৰিছে ।

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল সংবাদ,ঢকুৱাখনাঃ মায়ামৰা ধৰ্মীয় লোক কৃষ্টি সংস্কৃতিৰ একনিষ্ঠ সাধক, মায়ামৰা সমাজৰ এগৰাকী বৰ্ষীয়ান পিতৃ পুৰুষ তিলেশ্বৰ দাসৰ বিয়োগ ।  মায়ামৰা সমাজত হনুমান হিচাবে সৰ্ব পৰিচিত ৭০ উৰ্ধৰ    বিশিষ্ট ব্যক্তিগৰাকী শুকুৰবাৰে নিশা প্ৰায় ২ঃ১০ বজাত ১নং বাঁহপৰা গাঁওস্থিত নিজা বাসগৃহত বৈকুণ্ঠগামী হয় । 

Advertisment

মায়ামৰা সমাজৰ ধৰ্মীয়  আচাৰ সংহিতা , মাৰ্গ দর্শনক জনমুখী কৰি তোলাৰ হকে আত্মোৎস্বৰ্গা কৰা প্ৰয়াত দাসে মায়ামৰা   সমাজৰ আধ্যাত্মিক উৎকৰ্ষ সাধনৰ বাবে আমৃত্যু  অতুল্য নিঃস্বাৰ্থ সেৱা আগবঢ়াইছিল । মায়ামৰা সমাজৰ বায়ন, বৰপাঠেকী  আৰু ডাঙৰীয়া পদবীৰো গুৰু দায়িত্ব পালন কৰি মায়ামৰা সমাজক এক সুদৃঢ় গতি প্ৰদান কৰিছিল দাসে । 

২০১৫ চনত সদৌ অসম ভিত্তিত মায়ামৰা সাংস্কৃতিক  সংঘৰ উদ্যোগত অনুষ্ঠিত গায়ন বায়ন প্ৰতিযোগিতাত অসমৰ ভিতৰতে শ্ৰেষ্ঠ বায়ন হিচাপে স্বীকৃতি অর্জন কৰা দাস এগৰাকী শ্ৰেষ্ঠ আৰু সুনিপুন ভাওৰীয়া আছিল । ৰাজ্য চৰকাৰৰ শিল্পী পেঞ্চন প্ৰাপক দাসৰ মৃত্যুত সমগ্ৰ অঞ্চলৰ লগতে  মায়ামৰা সমাজৰ মাজত গভীৰ  শোকৰ ছাঁ পৰিছে । 

হৃদৰোগত আক্ৰান্ত হৈ ইহলীলা সম্বৰণ কৰা দাসে পত্নীসহ ২ পুত্ৰ আৰু অজস্ৰ ইষ্ট কুটুম্বক ইস সংসাৰত এৰি থৈ যায়  । মায়ামৰা সংস্কৃতিৰ প্ৰথম গৰাকী শিল্পী পেঞ্চন প্ৰাপক মায়ামৰা লোক সংস্কৃতিৰ সাধক গৰাকীৰ বিয়োগত শ্ৰী শ্ৰী অনিৰুদ্ধ দেৱ সাংস্কৃতিক সংঘৰ সভাপতি সত্য নাথ দাস ,সম্পাদক অনন্ত দাসে গভীৰ শোক প্ৰকাশ কৰি বিদেহ আত্মাৰ চিৰ শান্তি কামনা কৰিছে । প্ৰবীণ লোক শিল্পী দাসৰ বিয়োগৰ বাতৰিত মৰ্মাহত অনুৰাগী সকলে মৃতকৰ গৃহত উপস্থিত হৈ ধৰ্মীয় পৰম্পৰাৰে  অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

ঢকুৱাখনা