চৌকীঘাটৰ উচ্ছেদিত ভূমিত স্থাপন হ'ল টাইলচ উদ্যোগ...

চৌকীঘাটৰ পৰা সন্দেহজনক নাগৰিকক উচ্ছেদ কৰাৰ অন্তত তথা উচ্ছেদিত ভূমি টাইলচ ইণ্ডাষ্ট্ৰী স্থাপনৰ বাৱে ভূমি আবণ্টন দি আজি এই ইণ্ডাষ্ট্ৰীৰ নিৰ্মান কাৰ্যৰ শুভাৰম্ভ কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই ৷

author-image
Asomiya Pratidin
New Update
চৌকীঘাটৰ উচ্ছেদিত ভূমিত স্থাপন হ'ল টাইলচ উদ্যোগ

চৌকীঘাটৰ উচ্ছেদিত ভূমিত স্থাপন হ'ল টাইলচ উদ্যোগ

ডিজিটেল সংবাদ,জামুগুৰিহাট : জামুগুৰিহাটৰ চৌকিঘাটত 'Allemby ceramics private limited'ৰ উদ্যোগত ৭৫ বিঘা ভূমিত শুকুৰবাৰে ১৫০ কোটি টকা ব্যয় সাপেক্ষে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো টাইলছ প্লেণ্টৰ আধাৰশিলা স্থাপন কৰা হয়। চৌকীঘাটৰ পৰা সন্দেহজনক নাগৰিকক উচ্ছেদ কৰাৰ অন্তত তথা উচ্ছেদিত ভূমি টাইলচ ইণ্ডাষ্ট্ৰী স্থাপনৰ বাৱে ভূমি আবণ্টন দি আজি এই ইণ্ডাষ্ট্ৰীৰ নিৰ্মান কাৰ্যৰ শুভাৰম্ভ কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই ৷

Advertisment

এবছৰৰ ভিতৰত কাম সম্পূৰ্ণ হ'ব লগা এই ইণ্ডাষ্ট্ৰীত স্থানীয় সহস্ৰাধিক নিবনুৱাই কৰ্ম সংস্থাপনৰ সুবিধা লাভ কৰিব বুলি মন্তব্য আগবঢ়াই ইণ্ডাষ্ট্ৰিৰৰ চেয়াৰমেন কৈলাশ চন্দ্ৰ লোহিয়াই ৷ ধৰ্মীয় ৰীতি- নীতিৰে টাইলচ ইণ্ডাষ্ট্ৰীৰ নিৰ্মান কাৰ্য্যৰ শুভাৰম্ভ কৰা এই  অনুষ্ঠানত বিধায়ক পদ্ম হাজৰিকাৰ লগতে লহিয়া গ্ৰুপৰ চেয়াৰমেন কৈলাশ চন্দ্ৰ লোহিয়া, পৰিচালন সঞ্চালক বজৰং লোহিয়া, সঞ্চালক কমল লোহিয়া, নদুৱাৰ সমজিলাৰ আয়ুক্ত ৰাজ বৰুৱা, নদুৱাৰ ৰাজহ চক্ৰ বিষয়া ডা° আকাশদ্বীপ কাকতী প্ৰমুক্ষে বিভিন্নজন  উপস্থিত থাকে ৷ 

jamugurihat padma hazarika